অভিনয়অসমঅসম আৰক্ষীআঞ্চলিক

এইবাৰ চোৰৰ টাৰ্গট তীৰ্থস্থান!

হাজোৰ বৰম্বৈ আঞ্চলিক শ্ৰী শ্ৰী দূৰ্গা মন্দিৰত চোৰে সংঘটিত কৰিছে চুৰিকাণ্ডৰ ঘটনা

হাজোত এইবাৰ চোৰৰ টাৰ্গট তীৰ্থস্থান। হাজোৰ বৰম্বৈ আঞ্চলিক শ্ৰী শ্ৰী দূৰ্গা মন্দিৰৰ পৰা চোৰে লুটি লৈ গ’ল মন্দিৰৰ ভিতৰৰ সোণ আৰু ৰূপৰ আ-অলংকাৰৰ লগতে কাঁহৰ বাচন বৰ্তন।

হাজোৰ বৰম্বৈ আঞ্চলিক শ্ৰী শ্ৰী দূৰ্গা মন্দিৰত চোৰে সংঘটিত কৰিছে এই চুৰিকাণ্ডৰ ঘটনা। মন্দিৰৰ মুল দুৱাৰৰ তলা ভাঙি মন্দিৰৰ ভিতৰত থকা কেইবাতোলা সোণ আৰু ৰূপৰ আ-অলংকাৰৰ লগতে চোৰে লুটি লৈ গ’ল বহু কাঁহৰ বাচন বৰ্তন।

এই ঘটনাৰ পাছতে এতিয়া অঞ্চলজুৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ। হাজো আৰক্ষীয়ে চোৰ বিচাৰি আৰম্ভ কৰিছে তদন্ত। অতিশীঘ্ৰে দোষীক কৰায়ক্ত কৰি উচিত শাস্তি প্ৰদানৰ আহ্বান জনাইছে মন্দিৰ পৰিচালনা সমিতিৰ লগতে স্থানীয় ৰাইজে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

6 + two =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.