অসমঅসম আৰক্ষীআঞ্চলিক

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান প্ৰশাসনৰ পুনৰ উচ্ছেদ অভিযান

হাৰমতী এনিমেল ক’ৰিডৰৰ অন্তৰ্গত বাগৰিস্থিত ‘লাহেকে চাই কেফে’ ৰেষ্টুৰেন্ট আৰু জংঘল ছিটী ৰিজৰ্টতউচ্ছেদ কলিয়াবৰ মহকুমা প্ৰশাসনৰ

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ প্ৰকল্পৰ এনিমেল কৰিডৰৰ অন্তৰ্গত অবৈধ নিৰ্মানত কলিয়াবৰ মহকুমা প্ৰশাসনৰ পুনৰ উচ্ছেদ অভিযান। হাৰমতী এনিমেল ক’ৰিডৰৰ অন্তৰ্গত বাগৰিস্থিত ‘লাহেকে চাই কেফে’ ৰেষ্টুৰেন্ট আৰু জংঘল ছিটী ৰিজৰ্টতউচ্ছেদ কলিয়াবৰ মহকুমা প্ৰশাসনৰ। উচ্চতম ন্যায়লয়ৰ নিৰ্দেশনা অনুসৰি ৰেষ্টুৰেন্ট দুখনৰ ২০১৯ বৰ্ষৰ ১২ এপ্ৰিলৰ পাছত নতুনকৈ নিৰ্মাণ কৰা অংশত উচ্ছেদ চলালে প্ৰশাসনে।

উল্লেখ্য যে, ৰাষ্ট্ৰীয় উদ্যানখনৰ ৯ টা এনিমেল কৰিডৰৰ ৭ টা এনিমেল কৰিডৰ কলিয়াবৰ মহকুমাৰ অন্তৰ্গত। ২০২১ বৰ্ষৰ অক্টোবৰ মাহতে ৭ টাকৈ এনিমেল কৰিডৰত কলিয়াবৰ মহকুমা প্ৰশাসনে ১৪৪ ধাৰা জাৰি কৰিছিল। এনিমেল কৰিডৰ সমূহৰ আশে পাশে যি সকল লোকে ২০১৯ চনৰ ১২ এপ্ৰিলৰ পাছত ঘৰ, হোটেল, ধাবা আদি নিৰ্মাণ কৰিছে তেওঁলোকক নিৰ্মাণৰ কাম বন্ধ কৰিবৰ বাবে ন’টিচ প্ৰদান কৰিছিল কলিয়াবৰ মহকুমা প্ৰশাসনে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

12 − 6 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.