অপৰাধঅসমঅসম আৰক্ষীআঞ্চলিক

বটদ্ৰৱাৰ ঐতিহাসিক আইলক্ষী থানত এইবাৰ হাত দিলে চোৰে

গুৰুজনাৰ নাতিবোৱাৰী আই কনকলতাই প্ৰতিষ্ঠা কৰা বটদ্ৰৱাৰ দাতিকাষৰীয়া আইভেটিৰ ঐতিহাসিক আইলক্ষী থানতো এইবাৰ চোৰৰ তাণ্ডৱ

গুৰুজনাৰ নাতিবোৱাৰী আই কনকলতাই প্ৰতিষ্ঠা কৰা বটদ্ৰৱাৰ দাতিকাষৰীয়া আইভেটিৰ ঐতিহাসিক আইলক্ষী থানতো এইবাৰ চোৰৰ তাণ্ডৱ।

১৬৫৭ খ্ৰীষ্টাব্দত  গুৰুজনাৰ নাতিবোৱাৰী আই কনকলতাই এই সত্ৰ প্ৰতিষ্ঠা কৰিছিল।

বিজেপি নেতৃত্বাধীন অসম চৰকাৰে আইলক্ষী থানৰ উন্নয়ন আৰু সৌন্দৰ্যবৰ্ধনৰ বাবে গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছিল। আজি আইলক্ষী থানৰ লগতে বটদ্ৰৱাৰ দাঁতিকাষৰীয়া অঞ্চলটোত থকা আন দহটা নামঘৰতো চোৰে তাণ্ডৱ চলাই।

আনহাতে যোৱা ২৮ ফেব্ৰুৱাৰী মঙ্গলবাৰৰ নিশা মহাশিৱৰাত্ৰি উদযাপনক লৈ একাংশলোক ব্যস্ত থকাৰ সময়তে চোৰে ৰাইদঙীয়াৰ ৩০টা নামঘৰত লুটপাত কৰি নিছিল কেইবা লক্ষাধিক টকাৰ সম্পত্তি। বটদ্ৰৱাৰ ঐতিহাসিক আইলক্ষী থানত ৫ কেজিৰ অধিক সোণ মজুত থকাৰ বিষয়ে সত্ৰ পৰিচালনা সমিতিয়ে জনাইছে।

জানিব পৰা মতে নগাঁও আৰক্ষীৰ স্নীফাৰ দগৰ জৰিয়তে আৰক্ষীয়ে তদন্ত কৰিব বুলি জানিব পৰা গৈছে। শেহতীয়াকৈ চোৰে বটদ্ৰৱাৰ সত্ৰ নামঘৰত থকা অৰিহণাৰ বাকচ আৰু কাঁহ পিতলৰ মূল্যৱান সামগ্ৰী সোণ ৰূপৰ ফুল লক্ষ্য কৰি লৈছে বুলিও সন্দেহ কৰা হৈছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

9 − six =

Back to top button