Covid-19বিশ্বস্বাস্থ্য

ওমিক্ৰণ ভাইৰাছৰ প্ৰথমটো সংক্ৰমণ ধৰা পৰিছে! আতংকত বিশ্ববাসী…

দক্ষিণ আফ্ৰিকাত ধৰা পৰা ক’ভিডৰ নতুন ভেৰিয়েণ্ট ওমিক্ৰণ (Omicron) ক্ৰমাৎ বিয়পিবলৈ আৰম্ভ কৰিছে অন্যান্য দেশসমূহলৈয়ো। ওমিক্ৰণৰ সংক্ৰমণক লৈ সমগ্ৰ বিশ্ববাসী শংকিত হৈ পৰিছে

দক্ষিণ আফ্ৰিকাত ধৰা পৰা ক’ভিডৰ নতুন ভেৰিয়েণ্ট ওমিক্ৰণ (Omicron) ক্ৰমাৎ বিয়পিবলৈ আৰম্ভ কৰিছে অন্যান্য দেশসমূহলৈয়ো। ওমিক্ৰণৰ সংক্ৰমণক লৈ সমগ্ৰ বিশ্ববাসী শংকিত হৈ পৰিছে।

ওমিক্ৰণ ভাইৰাছৰ প্ৰথমটো সংক্ৰমণৰ ঘটনা এতিয়া পোহৰলৈ আহিছে। চৌদি আৰৱত প্ৰথমটো সংক্ৰমণৰ ঘটনা ধৰা পৰাৰ পাছতে দেশখনত আতংকই বিৰাজ কৰিছে। উত্তৰ আফ্ৰিকাৰ পৰা ঘুৰি অহা এজন চৌদি আৰবৰ লোকৰ শৰীৰত ধৰা পৰিছে এই ওমিক্ৰণ ভাইৰাছৰ উপস্থিতি।

লোকজনক বৰ্তমান কোৱাৰেণ্টাইনত ৰখা হৈছে আৰু ব্যক্তিজনৰ সান্নিধ্যলৈ অহা অন্যান্য লোক সকলৰো সন্ধান আৰম্ভ কৰা হৈছে।

ইপিনে, ভাৰততো আফ্ৰিকাৰ পৰা উভতি অহা কিছু সংখ্যক লোকৰ শৰীৰত ক’ভিডৰ উপস্থিতি ধৰা পৰিছে কিন্তু সেইয়া ওমিক্ৰণ হয় নে ন এতিয়ালৈ জানিব পৰা হোৱা নাই।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

11 + nine =

Back to top button