খাদ্যভাৰতস্বাস্থ্য

আপুনিও DOLO 650 খাই নেকি!

খোৱাৰ আগতে জানক কেইটামান কথা

বিতৰ্কৰ মাজত সোমাই পৰিছে DOLO 650 টেবলেটৰ প্ৰচলন। ক’ভিড মহামাৰীৰ সময়ত অত্যধিকভাৱে চাহিদা বৃদ্ধি পাইছিল DOLO 650 য়ে। কিন্তু DOLO 650 বিক্ৰীৰ বাবে ঔষধ প্ৰস্তুত কৰা কোম্পানীটোৱে ১০০০ কোটি টকা চিকিৎসকক উপহাৰ হিচাপে প্ৰদান কৰাৰ অভিযোগ উত্থাপিত হৈছে।

 

উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠেও এই বিষয়টোক গুৰুতৰ হিচাপে গ্ৰহণ কৰিছে। ন্যায়াধীশ ডিৱাই চন্দ্ৰ চূড় আৰু ন্যায়াধীশ এ এছ বোপান্নাৰ বিচাৰপীঠে ১০ দিনৰ ভিতৰত এই সম্পৰ্কে উত্তৰ দিবলৈ নিৰ্দেশ প্ৰদান কৰিছে। কেন্দ্ৰীয় চৰকাৰক প্ৰতিনিধিত্ব কৰা অতিৰিক্ত জেনেৰেল কে এম নটৰাজক এই নিৰ্দেশ দিয়ে বিচাৰপীঠে। ইফালে ন্যায়ালয়ে বিষয়টোৰ পৰৱৰ্তী শুনানিৰ বাবে ২৯ আগষ্টৰ দিনটো ধাৰ্য কৰিছে।

 

ইতিমধ্যে, চিকিৎসা নিয়ন্ত্ৰক ৰাষ্ট্ৰীয় চিকিৎসা আয়োগে (এনএমচি) ফাৰ্মা কোম্পানীত অভিযানৰ সময়ত তথ্য লাভ কৰা চিকিৎসকসকলৰ আয়কৰ বিভাগৰ পৰা বিৱৰণ বিচাৰিছে।

 

এক সাক্ষাৎকাৰত, মাইক্ৰ’ লেবৰ কাৰ্যবাহী ভিপি জয়ৰাজ গোবিন্দ ৰাজুৱে কয় যে মহামাৰীৰ সময়ত DOLO 650 য়ে ৩৫০ কোটি ৰাজহ উপাৰ্জন কৰিছিল।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

4 × 2 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.