অসমদুৰ্ঘটনা

৩১ ডিচেম্বৰত ‘মামা’ৰ নজৰ থাকিব ভাগিনৰ ওপৰত! কিন্তু কিয়?

“অহা ৩১ ডিচেম্বৰত মটৰচাইকেল দুর্ঘটনাত এজনো যুৱকৰ মৃত্যু হ’বলৈ নিদিও”-মুখ্যমন্ত্রী

“অহা ৩১ ডিচেম্বৰত মটৰচাইকেল দুর্ঘটনাত এজনো যুৱকৰ মৃত্যু হ’বলৈ নিদিও”- লক্ষ্য স্থিৰ কৰিছে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই।

সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই জনাই, অহা ৩১ ডিচেম্বৰৰ পুৱাৰে পৰা সমগ্র ৰাজ্যত আৰক্ষীয়ে মটৰচাইকেলৰ চালক আৰু আৰোহী উভয়ে হেলমেট পৰিধান কৰিছে নে নাই, তাৰ নিশ্চিতিৰ বাবে অভিযান চলাব৷ তাৰ ওপৰিও কোনেও সর্বাধিক ৬০ কিলোমিটাৰৰ অধিক গতিবেগত মটৰচাইকেল যাতে চলাব নোৱাৰে তাৰ প্ৰতিও লক্ষ্য ৰাখিব৷

মুখ্যমন্ত্রী ড০ শর্মাই দুচকীয়া বাহনৰ চালক আৰু আৰোহী উভয়ে হেলমেট পৰিধান কৰিবই লাগিব বুলি স্পষ্ট কৰি দি কয় যে, দুর্ঘটনাত এজন ল’ৰাৰ মৃত্যু হ’লে মাক–দেউতাকৰ কিমান কষ্ট হয়, সেয়া মাক–দেউতাকেহে বুজি পায়৷

উল্লেখ্য যে, প্রতিবছৰে ৩১ ডিচেম্বৰত ৰাজ্যখনত পথ দুৰ্ঘটনাৰ ফলত বহু লোকৰ অকলতে মৃত্যু হয়। আৰু তাৰ মুল কাৰণ হৈছে হেলমেট পৰিধান নকৰা আৰু দ্রুতগতিত মটৰচাইকেল চলোৱা। সেই বাবে এইবাৰ ৩১ ডিচেম্বৰক লৈ অধিক সতর্ক হৈ পৰিছে ৰাজ্য চৰকাৰ৷

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

16 + 7 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.