মেল’নীক ভাৰতৰ ‘মেল’ডী’ উপহাৰ প্ৰধানমন্ত্ৰী মোদীৰ
ইটালী ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইটালী প্ৰধানমন্ত্ৰী জৰ্জিয়া মেল'নীক বিশেষ উপহাৰ প্ৰদান কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে মেল’নীক উপহাৰ দিয়ে মেল’ডী টফিৰ পেকেট। এই বিশেষ মুহূৰ্তৰ এটা ভিডিঅ’ও এক্সত শ্বেয়াৰ কৰিছে মেল’নীয়ে।

৫ দেশৰ ভ্ৰমণৰ অংশ হিচাপে মঙলবাৰে ইটালীত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। ইটালীৰ প্ৰধানমন্ত্ৰী জৰ্জিয়া মেল’নী (Giorgia Meloni)-এ তেওঁক উষ্ম আদৰণি জনায়। ইটালী ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী (Narendra Modi)-এ ইটালীৰ প্ৰধানমন্ত্ৰী জৰ্জিয়া মেল’নীক বিশেষ উপহাৰ প্ৰদান কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে মেল’নীক উপহাৰ দিয়ে মেল’ডী (melody) টফিৰ পেকেট। এই বিশেষ মুহূৰ্তৰ এটা ভিডিঅ’ও এক্সত শ্বেয়াৰ কৰিছে মেল’নীয়ে। ভিডিঅ’টোত প্ৰধানমন্ত্ৰী মোদীয়ে মেল’নীক মেল’ডি টফিৰ পেকেট উপহাৰ দিয়া দেখা গৈছে। উপহাৰৰ বাবে মোদীক ধন্যবাদ জ্ঞাপন কৰে মেল’নীয়ে।
মেল’ডি এবিধ মিঠাই , যিটো ভাৰতত উৎপাদিত। পেকেটটো লাভ কৰা পিছত মেল’নীয়ে প্ৰতিক্ৰিয়া কৰি কয় যে, “প্ৰধানমন্ত্ৰী মোদীয়ে মোৰ বাবে এটা উপহাৰ লৈ আহিছে।” যাৰ উত্তৰত মোদীয়ে কয়, “মেল’ডী।” এই কথা শুনি প্ৰধানমন্ত্ৰী মেল’নী আৰু মোদী দুয়োগৰাকীয়ে হাঁহিবলৈ আৰম্ভ কৰে। মেল’ডী টফি ভাৰতৰ জনপ্ৰিয় ব্ৰেণ্ড পাৰ্লেৰ উৎপাদন। বিশেষকৈ শিশুৰ মাজত এই টফি অতি জনপ্ৰিয় ।
Thank you for the gift pic.twitter.com/7ePxbJwPbA
— Giorgia Meloni (@GiorgiaMeloni) May 20, 2026
উল্লেখ্য যে, পাঁচখন দেশৰ ভ্ৰমণৰ অংশ হিচাপে মঙলবাৰে ইটালীত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। ইটালীৰ প্ৰধানমন্ত্ৰী জৰ্জিয়া মেল’নীয়ে প্ৰধানমন্ত্ৰী মোদীক উষ্ম আদৰণি জনায়। সম্প্ৰতি দুয়োগৰাকী নেতাৰ বৈঠক আন্তৰ্জাতিক মঞ্চত এক প্ৰধান আলোচনাৰ বিষয় হৈ পৰিছে। ৰোমত উপস্থিত হোৱাৰ পিছত প্ৰধানমন্ত্ৰী মোদী আৰু জৰ্জিয়া মেল’নীয়ে একেলগে নিশাৰ আহাৰ গ্ৰহণ কৰে। তাৰ পিছত দুয়োগৰাকী নেতাই ৰোমৰ আইকনিক কলছিয়াম পৰিদৰ্শন কৰে।
Appena atterrato a Roma, ho avuto l’opportunità di incontrare il Primo Ministro Meloni a cena, seguita da una visita all’iconico Colosseo. Abbiamo scambiato opinioni su una vasta gamma di argomenti. Attendo con interesse i nostri colloqui di oggi, durante i quali proseguiremo la… pic.twitter.com/12yt8UipaJ
— Narendra Modi (@narendramodi) May 20, 2026
সূত্ৰ অনুসৰি আজি ভাৰত আৰু ইটালীৰ মাজত দ্বিপাক্ষিক আলোচনা অনুষ্ঠিত হ’ব। এই দ্বিপাক্ষিক আলোচনাৰ পূৰ্বে ইটালীৰ প্ৰধানমন্ত্ৰী জৰ্জিয়া মেল’নীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগত নিশাৰ আহাৰ গ্ৰহণ কৰাৰ লগতে ঐতিহাসিক কলছিয়াম ভ্ৰমণ কৰে। দুয়োগৰাকী নেতাৰ মাজত আনুষ্ঠানিক আলোচনাৰ লক্ষ্য হৈছে ভাৰত-ইটালীৰ সম্পৰ্ক আৰু অধিক সুদৃঢ় কৰা। ১৫ মে’ৰ পৰা ২০ মে’লৈ চলিবলগীয়া ৫ দেশ ভ্ৰমণৰ অন্তিম পৰ্যায়ত মঙলবাৰে ইটালীত উপস্থিত হয় প্ৰধানমন্ত্ৰী মোদী।ইয়াৰ পূৰ্বে তেওঁ সংযুক্ত আৰব আমিৰশ্বাহী, নেদাৰলেণ্ড, ছুইডেন আৰু নৰৱে ভ্ৰমণ কৰে।
ছ’চিয়েল মিডিয়াত এটা পোষ্টত প্ৰধানমন্ত্ৰী মোদীয়ে কয়, “ৰোমত উপস্থিত হোৱাৰ লগে লগে মই প্ৰধানমন্ত্ৰী মেল’নীক নিশাৰ আহাৰ গ্ৰহণৰ সময়ত লগ পোৱাৰ সুযোগ পাইছিলোঁ। ইয়াৰ পিছত আমি ঐতিহাসিক কলছিয়াম পৰিদৰ্শন কৰো। এই সময়ছোৱাত আমি বিভিন্ন বিষয়ত মত বিনিময় কৰিছিলো।” প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে, ভাৰত-ইটালীৰ সম্পৰ্ক আৰু অধিক শক্তিশালী কৰাৰ ব্যৱস্থা সম্পৰ্কে আলোচনা আগবঢ়াই নিবলৈ বুধবাৰে মেল’নীৰ সৈতে আনুষ্ঠানিক আলোচনাৰ বাবে তেওঁ আগ্ৰহী।
