অসমউৎসৱ

সমূহ অসমবাসীলৈ ‘অসম দিৱস’ৰ আন্তৰিক শুভেচ্ছা

আজিৰ দিনটোত স্বৰ্গদেউ চ্যুকাফাই পাটকাই পাৰ হৈ অসমভূমিত প্ৰৱেশ কৰিছিল

আজি ‘অসম দিৱস’। বৰ-অসম গঢ়াৰ ক্ষেত্রত চু্যকাফাৰ অৱদানলৈ শ্রদ্ধা জনাই ২ ডিচেম্বৰ তাৰিখটো সমগ্র অসমবাসীয়ে ১৯৯৬ চনৰ পৰা অসম দিৱস বা চু্যকাফা দিৱস হিচাপে পালন কৰি আহিছে৷

আজিৰ দিনটোত স্বৰ্গদেউ চ্যুকাফাই পাটকাই পাৰ হৈ অসমভূমিত প্ৰৱেশ কৰিছিল।

২ ডিচেম্বৰ দিনটো চ্যুকাফা দিৱস হিচাপে উদযাপন কৰাৰ মানসেৰে সমাজকৰ্মী ভীমকান্ত বুঢ়াগোহাঁই নামৰ এজন ব্যক্তিয়ে ১৯৭২ চনত আৰম্ভ কৰা এক প্ৰচেষ্টাৰ ফলত এই দিৱসৰ আৰম্ভণি ঘটে। পাছত কেইবাটাও জাতীয় সংগঠনে ২ ডিচেম্বৰ দিনটো ‘চ্যুকাফা দিৱস’ হিচাপে স্বীকৃতি দিবৰ বাবে ৰজাঘৰক দাবী জনাই আহিছিল।

১৯৮৭ চনত চৰকাৰী পৃষ্ঠপোষকতাত জৰ্জ খেলপথাৰত চ্যুকাফা দিৱস আয়োজন কৰা হৈছিল। সেই অনুষ্ঠানৰ মুখ্য অতিথি আছিল সেই সময়ৰ অসমৰ মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত। সেইদিনাই অসম চৰকাৰৰ তৰফৰ পৰা প্ৰফুল্ল কুমাৰ মহন্তই ২ ডিচেম্বৰ তাৰিখটো ‘চ্যুকাফা দিৱস’ বা ‘অসম দিৱস’ হিচাপে ঘোষণা কৰিছিল।

১৯৮১ চনত শিৱসাগৰ জিলাৰ চৰাইদেউত চ্যুকাফা দিৱস পতা হয় আৰু তেতিয়াৰ পৰা কেইবাটাও জাতীয় সংগঠনে সেই দিনটো চ্যুকাফা দিৱস হিচাপে স্বীকৃতি দিবৰ বাবে দাবী জনায়।

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

eight + nineteen =

Back to top button