অসম

ৰাজপথত ‘গুৰু গৰ্জন’: টেট উত্তীৰ্ণ শিক্ষকৰ প্ৰতিবাদত কঁপিছে গুৱাহাটী…

প্ৰতিবাদকাৰীক বাধা প্ৰদান আৰক্ষী-প্ৰশাসনৰ।শতাধিক প্ৰতিবাদকাৰী শিক্ষকক আটক কৰে আৰক্ষীয়ে। প্ৰতিবাদৰ পূৰ্বেই আটক হ’ল বহু টেট শিক্ষক।

ঠিকাভিত্তিক টেট শিক্ষকৰ প্ৰতিবাদত কঁপিছে গুৱাহাটী মহানগৰ। মহানগৰীত ৩০ হাজাৰ টেট শিক্ষকৰ ‘গুৰু গৰ্জন’ কাৰ্যসূচী।

ৰাজপথত 'গুৰু গৰ্জন': টেট উত্তীৰ্ণ শিক্ষকৰ প্ৰতিবাদত কঁপিছে গুৱাহাটী...

ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা আহি গুৱাহাটীত উপস্থিত হোৱা টেট উত্তীৰ্ণ শিক্ষকসকলে বৃহস্পতিবাৰে, কাহিলীপাৰাত সাৱ্যস্ত কৰে প্ৰতিবাদ। কাহিলীপাৰাস্থিত মিছন সঞ্চালকালয়ৰ কাৰ্যালয় ঘেৰাও কৰে প্ৰতিবাদকাৰীসকলে। প্ৰতিবাদকাৰীক বাধা প্ৰদান আৰক্ষী-প্ৰশাসনৰ।শতাধিক প্ৰতিবাদকাৰী শিক্ষকক আটক কৰে আৰক্ষীয়ে। প্ৰতিবাদৰ পূৰ্বেই আটক হ’ল বহু টেট শিক্ষক।

 

ঠিকা ভিত্তিক টেট শিক্ষক সমাজৰ দাবী অনুসৰি, ২০১৩ চনৰ পৰা লাভ কৰি থকা মৰগীয়া বানচ ২০১৯ চনৰ জুলাই মাহৰ পৰা ৰহস্যজনক কাৰণত বন্ধ কৰি দিয়া হৈছে। আনকি  ৩০ মাহ ধৰি বঞ্চিত কৰি ৰাখি মাত্ৰ ৫ শতাংশ মৰগীয়া বানচ ২০২২ চনৰ জানুৱাৰী মাহৰ পৰা বকেয়াবিহীনভাৱে প্ৰদান নকৰাৰ লগতে ২০২১ চনৰ পৰা বৰ্ধিত ১১ শতাংশ আৰু ৩ শতাংশ মৰগীয়া বানচ আজিলৈকে আদায় নিদিয়াৰ বাবে সমগ্ৰ অসমৰ প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষকসকল ক্ষোভিত হৈ পৰিছে। যাৰ বিৰদ্ধে টেট উত্তীৰ্ণ ৪০ হাজাৰ শিক্ষক সমাজ ঐক্যবদ্ধ হৈ কাহিলীপাৰাৰ মিছন সঞ্চালকৰ কাৰ্যালয়ৰ সন্মুখত সাব্যস্ত কৰে প্ৰতিবাদ ৷ শিক্ষকসকলৰ দাবী পূৰণৰ ক্ষেত্ৰত অৱশ্যে চৰকাৰে কি সিদ্ধান্ত গ্ৰহণ কৰিব সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ’ব।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

three × 2 =

Back to top button