পৰিৱেশবন্যপ্ৰাণী

প্ৰকৃতিৰ বাবে জীৱন উচৰ্গা, ৭০ একৰ ভূমিত ৫ কোটি জোপা বৃক্ষ ৰোপন কৰি বহুতৰ বাবে প্ৰেৰণা এইজন লোক…

৬০ বছৰ ধৰি অৰণ্য মানৱ সত্যনাৰায়ণে অকলেই যত্ন লৈ আহিছে এই বিশাল অৰণ্যখনৰ। সত্যনাৰায়নে শৈশৱৰ কথা সুঁৱৰি কয় যে, সৰু হৈ থাকোতে এবাৰ এজন লোকে এজোপা গছৰ ডাল এটা ভাঙি নিজৰ পোহনীয়া জন্তুক খাবলৈ দিছিল। সেই দৃশ্য দেখি মনত যথেষ্ট কষ্ট পোৱা সত্যনাৰায়নে সকলো কথা পিতৃক বিৱৰি কোৱাত পিতৃয়ে কয় যে, তেওঁৰ পুত্ৰ হৈছে প্ৰকৃতিৰ ৰক্ষক। সেয়েহে প্ৰকৃতিৰ ৰক্ষাৰ নামতেই শৈশৱৰ পৰা এতিয়ালৈকে জীৱন উচৰ্গা কৰিছে এইজন লোকে।

প্ৰকৃতিৰ প্ৰতি অগাধ প্ৰেম। চকুৰ সন্মুখতে ধ্বংস হোৱা প্ৰকৃতি ৰক্ষাৰ বাবে এজন ব্যক্তিৰ দীৰ্ঘদিনীয়া অপূৰ্ব প্ৰচেষ্টা। ৭০ একৰ পৈতৃক ভূমিত অকলেই বৃক্ষ ৰোপন কৰি চৰ্চাত তেলেংগানাৰ সূৰ্যপেটৰ এজন লোক। ৩২টা বিভিন্ন প্ৰজাতিৰ চৰাই, পশু, প্ৰায় ৫ কোটি বিভিন্ন প্ৰজাতিৰ গছ আছে এই অৰণ্যত। কোনো সীমা নথকা এই অৰণ্যখন অকলেই গঢ়ি তুলিছে দূশাৰ্লা সত্যনাৰায়নে। কেৱল বৃক্ষই নহয়, এই অৰণ্যখনত আছে পদুমেৰে ভৰি থকা সাতটা পুখুৰী।

প্ৰকৃতিৰ বাবে জীৱন উচৰ্গা, ৭০ একৰ ভূমিত ৫ কোটি জোপা বৃক্ষ ৰোপন কৰি বহুতৰ বাবে প্ৰেৰণা এইজন লোক...

 

শৈশৱৰ পৰাই প্ৰকৃতিক ভালপোৱা সত্যনাৰায়নে ৰাঘৱপুৰম গাঁৱত কেৱল অৰণ্যখন গঢ়ি তোলাৰ বাবে ওৰে জীৱন উচৰ্গা কৰিছে। আনকি নিজৰ দুই সন্তানকো মাটি দিব বিচৰা নাই সত্যনাৰায়নে। তেওঁ বিশ্বাস কৰে যে, অৰণ্যখন হৈছে ইয়াত বসবাস কৰা জীৱ-জন্তুৰ ঘৰ। তেখেতে অৰণ্যখন স্থাপন কৰা মাটিডোখৰ তেওঁলোকৰ পৰিয়ালত প্ৰজন্মৰ পৰা প্ৰজন্মলৈ হস্তান্তৰিত হৈ আছে।

প্ৰকৃতিৰ বাবে জীৱন উচৰ্গা, ৭০ একৰ ভূমিত ৫ কোটি জোপা বৃক্ষ ৰোপন কৰি বহুতৰ বাবে প্ৰেৰণা এইজন লোক...

 

সত্যনাৰায়নে নিৰ্মাণ কৰা অৰণ্যখনৰ যথেষ্ট বজাৰ মূল্য আছে যদিও তেখেতে বিশ্বাস কৰে যে, টকাই ধুনীয়া, সুন্দৰ অৰণ্যখন কিনিব নোৱাৰে। ৬০ বছৰ ধৰি অৰণ্য মানৱ সত্যনাৰায়ণে অকলেই যত্ন লৈ আহিছে এই বিশাল অৰণ্যখনৰ।
সত্যনাৰায়নে শৈশৱৰ কথা সুঁৱৰি কয় যে, সৰু হৈ থাকোতে এবাৰ এজন লোকে এজোপা গছৰ ডাল এটা ভাঙি নিজৰ পোহনীয়া জন্তুক খাবলৈ দিছিল। সেই দৃশ্য দেখি মনত যথেষ্ট কষ্ট পোৱা সত্যনাৰায়নে সকলো কথা পিতৃক বিৱৰি কোৱাত পিতৃয়ে কয় যে, তেওঁৰ পুত্ৰ হৈছে প্ৰকৃতিৰ ৰক্ষক। সেয়েহে প্ৰকৃতিৰ ৰক্ষাৰ নামতেই শৈশৱৰ পৰা এতিয়ালৈকে জীৱন উচৰ্গা কৰিছে এইজন লোকে।

প্ৰকৃতিৰ বাবে জীৱন উচৰ্গা, ৭০ একৰ ভূমিত ৫ কোটি জোপা বৃক্ষ ৰোপন কৰি বহুতৰ বাবে প্ৰেৰণা এইজন লোক...

 

কৃষি বিভাগত স্নাতক ডিগ্ৰী লাভ কৰা সত্যনাৰায়নে পৰৱৰ্তী সময়ত বেংকৰ কৰ্মচাৰী হিচাপে চাকৰিত যোগদান কৰে যদিও চাকৰি ত্যাগ কৰি পুনৰ প্ৰকৃতি সুৰক্ষাৰ ক্ষেত্ৰত নিজকে নিয়োজিত কৰে। অৰণ্য মানৱ দূশাৰ্লা সত্যনাৰায়ন এতিয়া সকলোৰে বাবে হৈ পৰিছে আদৰ্শস্বৰূপ।

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

4 × three =

Back to top button