অপৰাধঅসমঅসম আৰক্ষীআঞ্চলিকদৈনিক বাতৰি

আকৌ এনকাউণ্টাৰঃ কোকৰাঝাৰত আৰক্ষীৰ গুলীত আহত গাঞ্জা ব্যৱসায়ী…

অভিযুক্তজনে আৰক্ষীৰ জিম্মাৰ পৰা কনিষ্টবল এজনৰ সেৱা অস্ত্ৰ কাঢ়ি পলাবলৈ চেষ্টা কৰোতেই আৰক্ষীৰ গুলীত আহত হয়।

অপৰাধীলৈ লক্ষ্য কৰি পুনৰ গৰজিছে আৰক্ষীৰ গুলী। বৃহস্পতিবাৰে গাঞ্জা সৰবৰাহ কৰাৰ অভিযোগত এজন লোকক আৰক্ষীৰ এনকাউণ্টাৰ। বুধবাৰে নিশা বিশমুৰি চৌকিৰ অন্তৰ্গত এটা এলেকাত অভিযান চলাই আৰক্ষীয়ে বৃহৎ পৰিমাণৰ গাঞ্জা উদ্ধাৰ কৰাৰ লগতে আটক কৰে এজনক।

 

কিন্তু অভিযুক্তজনে আৰক্ষীৰ জিম্মাৰ পৰা কনিষ্টবল এজনৰ সেৱা অস্ত্ৰ কাঢ়ি পলাবলৈ চেষ্টা কৰোতেই আৰক্ষীৰ গুলীত আহত হয়। পৰৱৰ্তী সময়ত তেওঁক চিকিৎসাৰ বাবে কোকৰাঝাৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।

 

উল্লেখ্য় যে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বিজেপি চৰকাৰ শাসনলৈ অহাৰ পাছৰে পৰা আৰক্ষীৰ এনকাউণ্টাৰত ৩৫ জন লোক নিহত আৰু অতি কমেও ৯৯ জন আহত হৈছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

four × four =

Back to top button