Socialদিল্লী

বিবাহিত কন্যাৰ মৃত্যুৰ পাছত সন্তান তথা স্বামীয়েও পাব পৈতৃক সম্পত্তিৰ অধিকাৰ…

উল্লেখ্য যে, দিল্লীত সম্পত্তি বিবাদৰ এক ঘটনাক কেন্দ্ৰ কৰি শুনানি দিবলৈ যাওঁতেই ন্যায়ালয়েগ্ৰহণ কৰে এই সিদ্ধান্ত

দিল্লী আদালতৰ এক বৃহৎ সিদ্ধান্ত। কন্যাৰ মৃত্যুৰ পাছটো জোঁৱাই-নাতিয়ে পাব পৈতৃক সম্পত্তিৰ অধিকাৰ। দিল্লীৰ এখন ন্যায়ালয়ে বৃহস্পতিবাৰে গ্ৰহণ কৰে এই সিদ্ধান্ত।  পিতৃৰ সম্পত্তিৰ ওপৰত কন্যাৰ সম্পূৰ্ণ অধিকাৰ থকাৰ দৰে কন্যাৰ মৃত্যুৰ পাছত সম্পত্তিৰ অধিকাৰ লাভ কৰিব তেওঁৰ পুত্ৰ-কন্যাৰ লগতে স্বামীয়ে।

 

উল্লেখ্য যে, দিল্লীত সম্পত্তি বিবাদৰ এক ঘটনাক কেন্দ্ৰ কৰি শুনানি দিবলৈ যাওঁতেই ন্যায়ালয়েগ্ৰহণ কৰে এই সিদ্ধান্ত। কিছুদিন পূৰ্বে মৃত মাতৃৰ সম্পত্তিক লৈ মোমায়েকৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল এগৰাকী ভাগিনে। কিয়নো ভাগিনক সম্পত্তি দিবলৈ মান্তি হোৱা নাছিল মোমায়েকেজন।

 

ন্যায়ালয়ে এই বিষয়টোৰ সম্পৰ্কত চূড়ান্ত সিদ্ধান্ত নিদিয়ালৈকে মোমায়েকৰ ঘৰৰ মানুহে কোনো ধৰণৰ সম্পত্তি বিক্ৰী কৰিব নোৱাৰিব বুলি নিৰ্দেশ দিছে। লগতে, ভাগিনীয়েকেও এই সম্পত্তিৰ অধিকাৰী হ’ব বুলি উল্লেখ কৰিছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

2 × 4 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.