অসমআঞ্চলিকখাদ্য

বজাৰত লাগিছে জুই, চৰকাৰ আছে শুই…

বজাৰৰ মোনাখন হাতত লৈ ঘৰৰ বজাৰ কৰিবলৈ গৈ খালী মোনা লৈয়েই ঘৰলৈ উভতিব লগীয়া হৈছে বহুজনে

অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিয়ে ৰামটাঙোন শোধাইছে সৰ্বসাধাৰণৰ মূৰত। বজাৰত প্ৰত্যেকটো বস্তুৰে জুই-ছাই দাম। বজাৰৰ মোনাখন হাতত লৈ ঘৰৰ বজাৰ কৰিবলৈ গৈ খালী মোনা লৈয়েই ঘৰলৈ উভতিব লগীয়া হৈছে বহুজনে।

বজাৰলৈ গৈ হুমুনিয়াহ সাধাৰণ জনতাৰ। বিলাসী হৈছে শাক-পাচলি। পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধিৰ সমান্তৰালকৈ বৃদ্ধি পাইছে শাক-পাচলিৰ মূল্য।

গুৱাহাটীৰ বজাৰত প্ৰতি কিঃগ্ৰাঃ বিলাহীৰ মূল্য হৈছে ৮০ টকা। প্ৰতি কিঃগ্ৰাঃ লেচেৰাত ১০০ টকা। মটৰ প্ৰতি কিঃগ্ৰাঃত ২০০ টকা। আনহাতে প্ৰতি কিঃগ্ৰাঃ বীনৰ মূল্য ১০০ টকা। প্ৰতি কিঃগ্ৰাঃ গাজৰত হ’লগৈ ১০০ টকা।

শাক-পাচলিৰ লগতে মিঠাতেলৰ দামেও মাৰিছে ডাবল চেঞ্চুৰী। প্ৰতিটো অত্যাৱশ্যকীয় সামগ্ৰীৰ অভাৱনীয় হাৰত বৃদ্ধি পোৱা মূল্যৰ বাবে এতিয়া অসহায় হৈ পৰিছে সৰ্বসাধাৰণ। শীঘ্ৰেই মূল্যবৃদ্ধি ৰোধৰ ক্ষেত্ৰত পদক্ষেপ ল’বৰ বাবে চৰকাৰক আহ্বান জনাইছে সাধাৰণ জনতাই।

অৱশ্যে, কুম্ভকৰ্ণ নিদ্ৰাত থকা চৰকাৰ, যোগান বিভাগে মূল্যবৃদ্ধি ৰোধ কৰি জনতাক কিছু সকাহ দিয়াৰ ক্ষেত্ৰত কি পদক্ষেপ ল’ব সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ’ব।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

five × two =

Back to top button