Covid-19অসম

নিৰ্মিয়মান অসামৰিক চিকিৎসালয়ত চাঞ্চল্যকৰ ঘটনা!

ডিঙিত চিপজৰি লোৱা অবস্থাত এজন কৰ্মচাৰীৰ মৃতদেহ উদ্ধাৰ

বিশ্বনাথৰ নিৰ্মিয়মান ২০০ খন বিছনা যুক্ত সদৰ অসামৰিক চিকিৎসালয়ত চাঞ্চল্যকৰ ঘটনা।

চিকিৎসালয়ৰ চৌহদৰ দ্বিতীয় মহলত পুৱাই ৰহস্যজনকভাৱে ডিঙিত চিপজৰি লোৱা অবস্থাত এজন কৰ্মচাৰীৰ মৃতদেহ উদ্ধাৰ হয়।

কৰ্মচাৰীজন বিগত আঠ মাহ ধৰি নিৰ্মীয়মান চিকিৎসালয়খনৰ বৈদুতিক কামত নিয়োগ হৈ আছিল।যুবকজনৰ নাম হৰেন কলিতা। ঘৰ নলবাৰিত বুলি জানিব পৰা গৈছে।

আজি পুৱা যুবক জনৰ মৃত দেহ এনে অবস্থাত উদ্ধাৰ হোৱাত চাঞ্চল্যৰ সৃষ্টি হৈছে সমগ্ৰ বিশ্বনাথত। ইতিমধ্যে ঘটনাস্থলীত বিশ্বনাথ চাৰিআলি আৰক্ষী থানাৰ দল উপস্হিত হয়।

ইতিমধ্যে দণ্ডাধিকৰ উপস্হিতিত মৃত দেহ উদ্ধাৰ কৰি মৰোনোত্তৰৰ বাবে প্ৰেৰণ কৰি তদন্ত আৰম্ভ কৰিছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

19 − 14 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.