Socialঅসম

দ্বাবিংশতম ‘ ভাৰত ৰং মহোৎসৱ’ উদযাপন।ভাৰতৰ ১০খন ৰাজ্যত অনুষ্ঠিত এই মহোৎসৱ।

দিল্লী, জয়পুৰ, ৰাজামুন্দ্ৰী, ৰাঁচী, গুৱাহাটী, জম্মু, শ্ৰীনগৰ, ভূপাল, নাচিক আৰু কেৱডীয়াত অনুষ্ঠিত এই নাট মহোৎসৱ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আহ্বান মৰ্মে ‘আজাদী কা অমৃত মহোৎসৱ’ৰ অধীনৰ ভাৰতৰ অমৃত কাল উদযাপন ৰূপে ১৪ ফেব্ৰুৱাৰীৰ পৰা ২৬ ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত এই মহোৎসৱ।দিল্লী, জয়পুৰ, ৰাজামুন্দ্ৰী, ৰাঁচী, গুৱাহাটী, জম্মু, শ্ৰীনগৰ, ভূপাল, নাচিক আৰু কেৱডীয়াত অনুষ্ঠিত এই নাট মহোৎসৱ।গুৱাহাটীত ১৭ ফেব্ৰুৱাৰীৰ পৰা ২২ ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হ’ব এই মহোৎসৱ। অসমীয়া, হিন্দী, মণিপুৰী, বেংগলী আৰু ওড়িয়া ভাষাত মুঠ ছখন নাটক মঞ্চায়ন হ’ব।১৭ ফেব্ৰুৱাৰী, আৰম্ভণিৰ দিনা নাট্যকাৰ পংকজ জ্যোতি ভূঞাৰ দ্বাৰা ৰচিত কৃষ্ণ ভূঞাৰ পৰিচালনাৰে মঞ্চস্থ হ’ব পঞ্চাৱতী নাটকখন। সন্ধ্যা ৬বজাৰ পৰা মঞ্চস্থ হ’বলগীয়া নাটক কেইখনৰ প্ৰৱেশ বিনামূলীয়া। এই মহোৎসৱৰ লক্ষ্য আন ৰাষ্ট্ৰৰ সতে সাংস্কৃতিক বিনিময় আৰু আন্ত:ৰাষ্ট্ৰীয় বান্ধোন শক্তিশালী কৰা। এই মহোৎসৱৰ বাবে ৯৬০খন আবেদনৰ মাজৰ পৰা ৮০ খন নাটক নিৰ্বাচন কৰা হৈছে এই মহোৎসৱৰ বাবে।

ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ অধীনস্থ ভাৰতৰ প্ৰথমখন থিয়েটাৰ স্কুল, ৰাষ্ট্ৰীয় নাট্য বিদ্যালয় (এম.এছ.ডি.) এ দ্বাবিংশতম ভাৰত ৰং মহোৎসৱ ৰূপে ৰাষ্ট্ৰীয় ৰাজধানীৰ লগতে আন ৯ খন চহৰত কিছু নাটক, অন্তৰংগ কৰ্মশালা আৰু সম্পর্কিত আন সাংস্কৃতিক অনুষ্ঠানৰ যোগেদি থিয়েটাৰ অনুৰাগীৰ শীতৰ সন্ধ্যা উজ্জ্বল কৰি তোলাৰ বাবে সাজু হৈছে।

মাননীয় প্রধানমন্ত্রী শ্রী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আহ্বান মৰ্মে আজাদী কা অমৃত মহোৎসৱ (AKAM)ৰ অধীনৰ ভাৰতৰ অমৃত কাল উদযাপন ৰূপে ১৪ ফেব্ৰুৱাৰীত শুভাৰান্ত কৰি ২৬ ফেব্ৰুৱাৰী ২০২৩ লৈ দিল্লী, জয়পুৰ, ৰাজ্যমুন্ত্ৰী, ৰাঁচী, গুৱাহাটী, জম্মু, শ্রীনগৰ, ভূপাল, নাচিক আৰু কেৱডীয়াত এই মর্যদাপূর্ণ নাট মহোৎসৱটি অনুষ্ঠিত কৰিবলৈ দিহা কৰা হৈছে। ৮০ খন ভিন্ন ধর্মী নাট প্ৰদৰ্শন, পৰিচালকৰ সতে মুখামুখি, জীবন্ত কিংবদন্তীৰ সতে বাৰ্তালাপ, গ্ৰন্থ উন্মোচন, ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় আলোচনা সত্ৰ, ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন থিয়েটাৰ ব্যক্তিত্বৰ মাষ্টাৰ ক্লাচ আদিৰে এই মহোৎসৱ সজোৱা হৈছে 1

ভাৰত ৰং মহোৎসৱৰ লক্ষ্য হল আন ৰাষ্ট্ৰৰ সতে সাংস্কৃতিক বিনিময় আৰু আন্তঃৰাষ্ট্ৰীয় বান্ধোন শক্তিশালী কৰা । এই মহোৎসৱে দেশৰ বিভিন্ন নাট্য পৰম্পৰাৰ সতে চিনাকি হোৱাৰ এক মঞ্চ তৈয়াৰ কৰে ।। কেৱল মাত্র শিল্পীসকলেই নহয় বহুতো বিখ্যাত পৰিচালক এই বিশাল উৎসৱত উপস্থিত থাকিব । ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ে আমাৰ মাতৃভূমিৰ শ্বহীদ সকলক স্মৰণ আৰু সন্মান জনাবৰ বাবে আজাদী কা অমৃত মহোৎসৱৰ ‘আজাদী চেগমেণ্ট অধীনত যোৱা জুলাই ২২ত ভাৰত ৰং মহোৎসৱৰ আয়োজন কৰিছিল কার্গিল বিজয় দিবস উপলক্ষে এন. এছ. ডিৰ ৰেপাৰটৰী কোম্পানীয়ে ২৫ জুলাই ২০২২ তাৰিখে নেচনেল ৱাৰ মেম’ৰিয়েলত কাৰ্গিল এক সূর্য গাঁথা- নামৰ বিশেষ নাটকখন প্ৰদৰ্শন কৰে

দ্বাবিংশতম ভাৰত ৰং মহোৎসৱে নাটক আৰু আন সাংস্কৃতিক অনুষ্ঠান প্ৰদৰ্শন, থিয়েটাৰৰ আন্তৰাষ্ট্ৰীয় আৰু কৌশলগত গুৰুত্বক বিশ্বজনীন দৃষ্টিভঙ্গীৰে বিভিন্ন বিষয়ৰ আলোচনা চক্ৰ আদিক সাৱটি ল’ৱ। প্ৰতি বছৰে ১০০ৰ অধিক নাট্যদলে এই মহোৎসৱত উপস্থিত থাকি অংশগ্রহণ কৰে। ভাৰত ৰং মহোৎসৱে ইতিমধ্যে নিজে এক সুকীয়া স্থান আৰু পৰিচয় নিশ্চিত কৰিছে। ই এনে এক নাট্য মেলা যত নাট প্ৰদৰ্শনৰ উপৰিও আন প্ৰদৰ্শনী, পৰিচালক দৰ্শকৰ মুখামুখি বিশেষজ্ঞৰ বক্তব্য আৰু নাটক সম্পর্কিত ভিন্ন বিষয়ত আলোচনা সত্ৰ অনুষ্ঠিত কৰা হয়

নাট্য কলা হ’ল মানুহৰ আবেগক প্রবাহিত কৰিব পৰা অতি আদিম আৰু প্ৰভাৱপূৰ্ণ পৰম্পৰাগত কলা যি পুৰণি দিনৰ পৰা আজিৰ যুগলৈকে গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াই আহিছে। আমি আপোনালোক সকলোকে দ্বাবিংশতম ভাৰত ৰংগ মহোৎসৱলৈ আদৰিবলৈ বাগ্ৰ হৈ আছো। আমাৰ ওচৰত আবেদন কৰা ৯৬০ ঘন ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় নাট্য প্রযোজনাৰ শ্ৰেষ্ঠসমূহ আমি সুক্ষমভাবে পৰীক্ষা কৰিছো।

COVID – 19 মহামাৰীৰ বাবে সুৰক্ষাজনিত কাৰণত বিদেশী অংশগ্ৰহণকাৰী সকলৰ আমন্ত্ৰণ প্ৰক্ৰিয়া আমি বৃদ্ধ ৰাখিবলৈ বাধ্য হৈছিলো।

দ্বাবিংশতম ভাৰত ৰং মহোৎসৱৰ গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া অংশটিত অসমীয়া, হিন্দী, মণিপুৰী, বেংগলী আৰু ওড়িয়া এই পাঁচটা ভাষাৰ ছখন নাটক মঞ্চায়ন হ’ব। মহোৎসৱৰ এই ছয়দিনত ১৫০ জনৰো অধিক শিল্পীয়ে তেওঁলোকৰ কলা- কৌশল প্ৰদৰ্শন কৰিব। ১৭ ফেব্ৰুৱাৰীৰ পৰা ২২

ফেব্ৰুৱাৰী ২০২৩ লৈ আমি মাধৱদেৱ আন্তৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত এক সুন্দৰ জনসমাগমৰ আশা কৰিছো।

দিল্লীয়ে এই মহোৎসৱত ১০টা পৰম্পৰাগত প্ৰদৰ্শনৰ আয়োজন কৰিছে। দ্বাবিংশতম ভাৰত ৰং মহোৎসৱৰ মঞ্চখনৰ যোগেদি এই অনুষ্ঠানে নতুন প্ৰতিভাৰ উত্তৰণক প্ৰতিপালন কৰাৰ যত্ন কৰিছে। সেইবাবে আমি যুৱ নাট্যনুৰাগীসকলক যথাসম্ভৱ অংশগ্ৰহণৰ সুযোগ দিয়াৰ চেষ্টা কৰিছো৷

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

twenty − 18 =

Back to top button