অসমগুৱাহাটীদুৰ্ঘটনা

শোহাম এম্পৰীয়াত অগ্নিকাণ্ডৰ সূত্ৰপাত

নিশা ১২ বজাৰ পৰা এই পৰ্যন্ত নিৰ্গত হৈয়ে আছে ধোঁৱা

গুৱাহাটীৰ ABC ত ভয়ংকৰ অগ্নিকাণ্ড। শোহাম এম্পৰীয়াত অগ্নিকাণ্ডৰ সূত্ৰপাত। জ্বলি ছাৰখাৰ হ’ল SBI ৰ বহু নথি-পত্ৰ। ক’লা ধোঁৱাই ছানি ধৰিছে আকাশ। জ্বলিয়েই আছে শোহাম এম্পৰীয়াম,SBI ৰ কাৰ্যালয়। নিশা বাৰ বজাত অগ্নিকাণ্ড সংঘটিত হয় এই স্থানত। শোহাম এম্পৰীয়াম নামৰ কাপোৰৰ এখন  ব্যৱসায়িক প্ৰতিষ্ঠানত অগ্নিকাণ্ডৰ সূত্ৰপাত হয়। নিশা ১২ বজাৰ পৰা এই পৰ্যন্ত নিৰ্গত হৈয়ে আছে ধোঁৱা।

শ্বৰ্ত ছাৰ্কিত নে অন্য কাৰণত অগ্নিকাণ্ড সংঘটিত হ’ল? এই মুহূৰ্তলৈ সেই কথা জানিব পৰা হোৱা নাই। অগ্নি নিৰ্বাপক বাহিনীৰ এজন যোৱান গুৰুতৰভাবে আহত। ওৰেটো নিশা জুই নিৰ্বাপন কৰি আছে এই যোৱান সকলে। হঠাৎ উসুস্থ হৈ পৰিল এইজন যোৱান। শোহাম এম্পৰীয়ামৰ কোটি টকাৰ কাপোৰ জ্বলি  ছাৰখাৰ। SBI ৰ বহু কেইটা শাখাৰ গুৰুত্বপূৰ্ণ নথি জ্বলিল ছাৰখাৰ। প্ৰায় ১০ খন অগ্নি নিৰ্বাপক বাহিনীৰ বাহনে জুই নিৰ্বাপনৰ চেষ্টা অব্যাত ৰাখিছে। নিশা ১২ বজাৰ পৰা জুই নিৰ্বাপন কৰি আছে যদিও এতিয়াও উমি উমি জ্বলি আছে জুই। নিৰ্গত হৈয়ে আছে ক’লা ধোঁৱা। ঘটনা স্থলীত উপস্থিত হৈ বি জে পি নেতা মানস বৰাই ক’লে। ৬ টাকৈ SBI ৰ শাখাৰ বহু নথি পত্ৰ ভস্মীভূত।  SBI ৰ বহু লাখ টকাৰ সম্পত্তি জ্বলিল অগ্নিকাণ্ডত। এই বেংকৰ নথি পত্ৰ সমূহ Digital Archive কৰা হৈছে যদিওভয় শংকা আছে গ্ৰাহকৰ মাজত সেয়া যিয়েই নহওঁক সঠিক সময়ত অগ্নি নিৰ্বাপক বাহিনীৰ বাহন উপস্থিত নোহোৱা হ’লে এই অগ্নিকাণ্ডই ভয়ংকৰ আৰু ভয়াৱহ ৰূপ ধাৰণ কৰিলে হয় সেয়া নিশ্চিত।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

19 − seven =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.