অসম

কিশোৰীক মদ্যপান কৰাই চলন্ত বাহনত গণধৰ্ষণ!

ঘটনাৰ ৭ দিন উকলি যোৱাৰ পাছতো গ্ৰেপ্তাৰ হোৱা নাই ধৰ্ষণকাৰী

পুনৰ মানৱ সমাজক লজ্জিত কৰা এক জঘন্য ঘটনা। এই ঘটনাটো সংঘটিত হৈছে কাছাৰৰ বৰখলা ডলুত ৷ এক্ৰামূল হক নামৰ এজন যুৱকে শিলচৰ মধুৰবন্ধ অঞ্চলৰ ১৬ বছৰীয়া এগৰাকী কিশোৰীক ফূৰিবলৈ গাড়ী তুলি লৈ গৈছিল। কিছুদূৰ যোৱাৰ পাছত গাড়ীখনত কৰিম উদ্দিন নামৰ আন এজন যুবকো উছিছিল। দুয়োগৰাকী যুৱকে কিশোৰী গৰাকীক গাড়ীৰে লৈ যায় বৰখলাৰ ডলুত। আৰু সেই স্থানতে চলন্ত বাহনত কিশোৰী গৰাকীক সুৰাপান কৰাই দুই যুৱকে উপৰ্য্যুপৰি ধৰ্ষণ কৰে৷ এই কাণ্ড সংঘটিত কৰী পিছত কিশোৰী গৰাকীক চলন্ত বাহনৰ পৰা পেলাই সেই স্থানৰ পৰা পলায়ন কৰে দুই ধৰ্ষণকাৰী। পিছত স্থানীয় লোকে কিশোৰী গৰাকীক উদ্ধাৰ কৰি বৰখলা আৰক্ষী চকীত গতাই দিয়ে। এই সমগ্ৰ ঘটনা সন্দৰ্ভত বৰখলা আৰক্ষী চকীত ভুক্তভোগীৰ পৰিয়ালে এক্ৰামূল হক আৰু কৰিম উদ্দিন নামৰ দুই ধৰ্ষণকাৰীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে ৷

উল্লেখ্য যে, ঘটনাৰ ৭ দিন উকলি যোৱাৰ পাছতো ৰহস্যজনক বাবে বৰখলা থানাৰ OC মনমোহন ৰাওতে গ্ৰেপ্তাৰ কৰা নাই ধৰ্ষণকাৰী কেইটাক ৷ শীঘ্ৰেই দোষীক কৰায়ত্ত কৰি উপযুক্ত শাস্তিৰ দাবী জনায় ভুক্তভোগীৰ পৰিয়ালে ৷

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

20 − six =

Back to top button