শ্ৰেণীবিহীন

ছোৱালী নিবলৈ আহি মঙলদৈ থানাৰ আলহী হল দৰাঘৰীয়া ৷ কিন্তু কিয়?

কইনাৰ ঘৰৰ পদূলিত দৰাক আদৰিবলৈ অপেক্ষা মঙলদৈ আৰক্ষীৰ।

এখন বিয়া! মঙলদৈৰ ৪০ নং মোৱামাৰী চাপৰিত অনুস্থিত হৈছিল বিয়াখন৷ দিনৰ ভাগত ধুমধামেৰে অনুষ্ঠিত হৈছিল বিয়াখন। যথা সময়ত দৰাও আহিল ঢোলে দগৰে কইনাৰ ঘৰলৈ। পিছে আচল ঘটনাটো সংঘটিত হ’ল ইয়াতে। দৰাপক্ষই কইনাৰ ঘৰ পাই দেখে কথা গুৰি ক’ৰবাত। কইনাৰ ঘৰৰ পদূলিত দৰাক আদৰিবলৈ অপেক্ষা মঙলদৈ আৰক্ষীৰ। কাৰণ কইনাৰ বয়স আছিল মাত্ৰ ১৬ বছৰ।

উল্লেখ্য যে, মঙলদৈ চহৰৰ নিকটবৰ্তী ৪০ নং মোৱামাৰী চাপৰিৰ ১৬ বছৰীয়া যুৱতী গৰাকীক বিয়া পাতিবলৈ আহিছিল পানবাৰীৰ প্ৰসেনঞ্জিৎ দাসে। অৱশেষত পুলিচে দুয়োটা পৰিয়ালকে লৈ আহিল মঙলদৈ থানালৈ।
বৰ্তমান দৰা আৰু কইনা দুয়ো পক্ষই মঙলদৈ থানাৰ আলহী ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

five × one =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.