অপৰাধআন্তঃৰাষ্ট্ৰীয়দুৰ্ঘটনা

ছোমালিয়াৰ মোগাদিছুৰ মূল হোটেলত আল-ছাবাব উগ্ৰপন্থীৰ সন্ত্ৰাস

আল-ছাবাবৰ সন্ত্ৰাসবাদী আক্ৰমণৰ লক্ষ্য হৈছে ছোমালি সাংসদসকলে সঘনাই যোৱা মোগাদিছু হোটেল

ছোমালিয়াৰ মোগাদিছুৰ মূল হোটেলত আল-ছাবাব উগ্ৰপন্থীয়ে সৃষ্টি কৰে সন্ত্ৰাসৰ। সঘনাই চৰকাৰী বিষয়াসকল অহা-যোৱা কৰা ছোমালিয়াৰ ৰাজধানী মোগাদিছুৰ এখন হোটেল উগ্ৰপন্থীৰ আক্ৰমণৰ সন্মুখীন হৈছে। দেওবাৰে ছোমালি আৰক্ষীয়ে জনোৱামতে, আল-ছাবাবৰ সন্ত্ৰাসবাদী আক্ৰমণৰ লক্ষ্য হৈছে ছোমালি সাংসদসকলে সঘনাই যোৱা মোগাদিছু হোটেল। আল কায়দাৰ সৈতে জড়িত সন্ত্ৰাসবাদী সংগঠন আল-ছাবাবে আত্মঘাতী আক্ৰমণ চলাইছে। ছোমালিয়াৰ মন্ত্ৰী আৰু সংসদৰ সদস্যসকলে সঘনাই অহা-যোৱা কৰা কেন্দ্ৰীয় মোগাদিছুৰ এখন হোটেলত আক্ৰমণ চলাইছে উগ্ৰপন্থীয়ে।

 

 

স্থানীয় সময় অনুসৰি, নিশা ৮ বজাত ছোমালিয়াৰ ৰাষ্ট্ৰপতি ভৱনৰ ওচৰৰ ভিলা ৰোজ হোটেলত আক্ৰমণ আৰম্ভ হোৱাৰ কিছু সময়ৰ পিছতে পৰিৱেশ মন্ত্ৰী আদম আও হিৰ্চিয়ে কয় যে তেওঁ আক্ৰমণৰ পৰা ৰক্ষা পৰিছে। ১৫ বছৰতকৈও অধিক সময় ধৰি ছোমালিয়াত সক্ৰিয় হৈ থকা এই ইছলামিক গোটটোৱে চলাই আহিছে সন্ত্ৰাস। আৰক্ষী বিষয়াসকলে জনোৱা মতে, বিস্ফোৰক আৰু বন্দুক লৈ অজ্ঞাত সংখ্যক আক্ৰমণকাৰী জড়িত হৈ আছে। হতাহতিৰ সংখ্যা সন্দৰ্ভত সবিশেষ প্ৰকাশ কৰা নাই আৰক্ষীয়ে।

 

কেপ্তেইন বিষাৰ আহমেদে জনোৱা মতে, ডাউন টাউন মোগাদিছুৰ অতি সুৰক্ষিত অঞ্চলত অৱস্থিত হোটেলখনত এক বৃহৎ আক্ৰমণ সংঘটিত হৈছে, য’ত ৰাজ্যিক গৃহ, মন্ত্ৰালয় আৰু উচ্চ নিৰাপত্তাসম্পন্ন চোৰাংচোৱা কাৰাগাৰো আছে। আমেৰিকাৰ সমৰ্থিত ছোমালিয়াৰ সশস্ত্ৰ বাহিনীয়ে আগষ্ট মাহৰ পৰা দক্ষিণ আৰু মধ্য ছোমালিয়াৰ কিছু অংশত গোটটোৰ বিৰুদ্ধে সামৰিক অভিযান চলাই আহিছে। মে’মাহত আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনে স্থানীয় চৰকাৰৰ সমৰ্থনত আৰু আল-ছাবাবক প্ৰতিহত কৰিবলৈ ছোমালিয়াত পুনৰ সৈন্য নিয়োগ কৰাৰ সিদ্ধান্ত লয়।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

eighteen − fourteen =

Back to top button