leatest updateঅসমদৈনিক বাতৰি

একাগ্ৰতা থাকিলে উন্নতিৰ জখলাত দৰিদ্ৰতা কেতিয়াও শিক্ষাৰ ক্ষেত্ৰত হেঙাৰ হব নোৱাৰে।

ডিমৌৰ ৰাইজৰ মুখলৈ হাঁহি বিৰিঙাই আনিলে মেধাবী ছাত্ৰ আয়াং ক’ পেগুৱে।

একাগ্ৰতা থাকিলে উন্নতিৰ জখলাত দৰিদ্ৰতা কেতিয়াও শিক্ষাৰ ক্ষেত্ৰত হেঙাৰ হব নোৱাৰে। এই কথাই প্ৰমাণ কৰি দেখুৱালে চিলাপথাৰ ডিমৌ শিলিখা গাৱঁৰ বিৰেন পেগু আৰু কানন কুমাৰী পেগুৰ পুত্ৰ আয়াং ক’ পেগুৱে। আয়াং ক’ পেগুৰ ঘৰত এতিয়া আনন্দৰ বন্যা। হাইস্কুল শিক্ষান্ত পৰীক্ষাত মুঠ ৫১৯ নম্বৰ লাভ কৰি ডিষ্টিংচন সহ পাচঁখন বিষয়ত লেটাৰ লাভ কৰি চিলাপথাৰ ডিমৌৰ ৰাইজৰ মুখলৈ হাঁহি বিৰিঙাই আনিলে মেধাবী ছাত্ৰ আয়াং ক’ পেগুৱে।

উল্লেখ্য যে,  ছাত্ৰ গৰাকীক টি এম পি কে , এম এম কে , টি এম এম কে ডিমৌ আঞ্চলিক সমিতিৰ উপৰিও বিভিন্ন দল-সংগঠনৰ বিষয়ববীয়াই তেওঁৰ বাসগৃহত উপস্থিত হৈ উষ্ম আদৰনী ও সম্বৰ্ধনা জ্ঞাপন কৰে ৷

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

3 × five =

Back to top button