অপৰাধআন্তঃৰাষ্ট্ৰীয়

জাপানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ছিনজো আবেলৈ দুৰ্বৃত্তৰ গুলী

সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি আবেক। নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি ভাষণ দি থকাৰ সময়তেই সংঘটিত হয় এই ঘটনা

জাপানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ছিনজো আবেলৈ দুৰ্বৃত্তৰ গুলী! সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি আবেক।

নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি ভাষণ দি থকাৰ সময়তেই সংঘটিত হয় এই ঘটনা। প্ৰধানমন্ত্ৰীগৰাকীলৈ লক্ষ্য কৰি গুলীবৰ্ষণ কৰে দুৰ্বৃত্তই।

আক্ৰমণকাৰীয়ে আবেলৈ লক্ষ্য কৰি দুজাঁই গুলীচালনা কৰে। গুলিচালনাৰ লগে লগে মঞ্চতে ঢলি পৰে প্ৰাক্তন প্ৰধানমন্ত্ৰী গৰাকী।

স্থানীয় সংবাদ মাধ্যমৰ মতে, যিজন লোকে আবেলৈ গুলীচালনা কৰিছিল, তেওঁৰ বয়স ৪০ বছৰ। তেওঁৰ নাম য়ামাগামী। কোৱা হৈছে যে য়ামাগামীয়ে ৩ডি প্ৰিণ্টেড বন্দুকেৰে গুলীচালনা কৰিছিল।

অৱশ্যে এই সন্দৰ্ভত কোনো তথ্য প্ৰকাশ কৰা নাই আৰক্ষীয়ে। গুলীচালনা কৰি পলায়ন কৰা নাছিল দুৰ্বৃত্তই।
বৰ্তমান আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে দুৰ্বৃত্তটোক।

ঘটনাটো জাপানৰ পশ্চিমাঞ্চলৰ নাৰা চহৰত সংঘটিত হৈছে। ঘটনাৰ পিছত ছিনজো আবেক তাৎক্ষণিকভাৱে চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

10 + twelve =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.