অপৰাধঅসম

পুনৰ আৰক্ষীৰ জিম্মালৈ শ্বেৰমান আলি

বিপদে লগ এৰা নাই শ্বেৰমানৰ

কিছুদিন পূৰ্বে শ্বহীদ দয়ানাথ শৰ্মাৰ বিৰুদ্ধে অপমানসূচক মন্তব্য কৰা শ্বেৰমান আলিক এতিয়া বিপদে লগ এৰা নাই।

কংগ্ৰেছ দলৰ পৰা বহিষ্কাৰ কৰা বিধায়ক শ্বেৰমান আলিক আহমেদক পুনৰ দুদিনৰ বাবে আৰক্ষীৰ জিম্মাত প্ৰেৰণৰ নিৰ্দেশ আদালতৰ।

পানবজাৰ আৰক্ষীয়ে ৫ দিনৰ বাবে জিম্মাত বিচাৰিছিল যদিও, দুদিনৰ জিম্মালৈ  প্ৰেৰণ কৰা হ’ল শ্বেৰমান আলি আহমেদক।

উল্লেখ্য যে, শ্বহীদ দয়ানাথ শৰ্মাক ঘাটক আখ্যা দিয়া শ্বেৰমানৰ বিৰুদ্ধে ৰাজ্যৰ বিভিন্ন থানাত ৰুজু হৈছিল গোচৰ। পানবজাৰ আৰক্ষী থানাত উত্থাপন হোৱা গোচৰৰ ভিত্তিতেই গ্ৰেপ্তাৰ হৈছিল শ্বেৰমান আলি।

গ্ৰেপ্তাৰৰ পিছতেই শ্বেৰমানত ২ দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছিল। আজি পুনৰ আদালতত হাজিৰ কৰোৱাৰ পিছত ২ দিনৰ অতিৰিক্ত আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

17 − 4 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.