দুৰ্ঘটনাপ্ৰাকৃতিক দুৰ্যোগ

বজ্ৰপাত পৰি বিদ্যালয়ত শোকাৱহ মৃত্যু ছাত্ৰৰ! কেনেদৰে ঘটিল এই ঘটনা

দুপৰীয়া ছাত্ৰ-ছাত্ৰীসকলে আহাৰ গ্ৰহণ কৰি থকা অৱস্থাতে সংঘটিত হয় এই কৰুণ ঘটনা

চত্তিশগড়ৰত শোকাৱহ ঘটনা।

সোমবাৰে এখন চৰকাৰী বিদ্যালয়ত পাঠদান চলি থকাৰ সময়তে বজ্ৰপাত পৰি ৯ জন ছাত্ৰ আহত হোৱাৰ বিপৰীতে মৃত্যু হয় এটি ১১ বছৰীয়া ছাত্ৰৰ। আহত ৯ জনৰ ভিতৰত দুজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।

বিলাসপুৰ জিলাৰ মাচখান্দা গাঁওস্থিত উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এটা হলত সোমবাৰে দুপৰীয়া ছাত্ৰ-ছাত্ৰীসকলে আহাৰ গ্ৰহণ কৰি থকা অৱস্থাতে সংঘটিত হয় এই কৰুণ ঘটনা।

লগে লগে ছাত্ৰ কেইজনক ওচৰৰে প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ লৈ যোৱা হয় যদিও শিৱম চাহু নামৰ এজন ছাত্ৰৰ ইতিমধ্যেই মৃত্যু ঘটে। আনহাতে দুজন ছাত্ৰৰ অৱস্থা সংকটজনক বুলি হাস্পতাল কৰ্তৃপক্ষই জানিবলৈ দিয়াৰ লগতে আন সাতজনৰ অৱস্থা সুস্থিৰ বুলি জনায়।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

13 − 10 =

Back to top button