অসমদৈনিক বাতৰিধৰ্মীয়ধাৰ্মিক

অসমৰ এখন বিশেষ গোসাঁনী থান, য’ত পুজাত দিয়া হয় কণী!

লোকে লোকাৰণ্য হৈ পৰিছে মঙলদৈৰ এই ঐতিহাসিক পচ্‌কীয়া বুঢী গোসাঁনী থানখন

উদুলিমুদুলি পচ্‌কীয়া বুঢ়ী গোসাঁনী থান৷ লোকে লোকাৰণ্য হৈ পৰিছে মঙলদৈৰ এই ঐতিহাসিক পচ্‌কীয়া বুঢী গোসাঁনী থানখনত৷

অসমৰ এখন বিশেষ গোসাঁনী থান, য'ত পুজাত দিয়া হয় কণী!

এজোপা বাঁহ গছক কেন্দ্ৰ কৰি প্ৰায় ডেৰশ বছৰ পূৰ্বৰে পৰা চলি অহা দৰঙৰ অন্যতম ঐতিহাসিক আধ্যাত্মিক কেন্দ্ৰস্থল পচ্‌কীয়া বুঢী গোসাঁনী থানৰ বাৰ্ষিক মাঙ্গলিক অনুষ্ঠানটি বৃহস্পতিবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হয়৷
দৰং ওদালগুৰি জিলাৰ লগতে নিকটৱৰ্তী জিলাসমূহৰ পৰা বুঢ়ী গোসাঁনীক পূজা-অৰ্চনা কৰিবলৈ হাজাৰ হাজাৰ ভক্তৰ আগমন হয় থানখনলৈ৷

প্ৰচলিত লোক বিশ্বাস আৰু পৰাম্পৰা অনুসৰি এই বুঢ়ী গোসাঁনী থানত শৰাই নৈবদ্য আগবঢ়ালে নিঃসন্তান লোকে সন্তান লাভ কৰে আৰু ৰোগীয়া লোকে ৰোগৰ পৰা আৰোগ্য লাভ কৰে৷ সেয়ে নিজৰ নিজৰ মনোবাঞ্ছা পূৰ্ণ কৰিবৰ বাবে বুঢ়ী গোসাঁনীৰ ওচৰত শৰাই নৈবদ্যৰ উপৰিও কণী, পাৰ চৰাই, পঠা ছাগলী আদি উচৰ্গা কৰি আশীষ নিৰ্মালী গ্ৰহণ কৰে৷

অসমৰ এখন বিশেষ গোসাঁনী থান, য'ত পুজাত দিয়া হয় কণী!

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

20 + eleven =

Back to top button