অসমৰাজনৈতিক

ৰামদিয়াত পৰম্পৰাগত লাৰু উৎসৱ উদযাপন! লোকে লোকাৰণ্য পোৰা ভিঠা সত্ৰত

ৰামদিয়াৰ ঐতিহাসিক পোৰা ভিঠা সত্ৰত লোকে লোকাৰণ্য পৰিবেশ৷

ৰামদিয়াত পৰম্পৰাগত লাৰু উৎসৱ উদযাপন৷

ৰামদিয়াৰ ঐতিহাসিক পোৰা ভিঠা সত্ৰত লোকে লোকাৰণ্য পৰিবেশ৷ এইবেলি অনুস্থিত হোৱা এই পৰম্পৰাগত লাৰু উৎসৱৰ প্ৰাকক্ষণত ভক্ত প্ৰাণ ৰাইজৰ বাবে প্ৰায় ৬ লাখ ৩০ হাজাৰ লাৰু বনোৱা হৈছে৷

পোৰা ভিঠা সত্ৰৰ ৪২৪ সংখ্যক লাৰু উৎসৱক লৈ ব্যাপক উৎসাহ উদ্দীপনা সমগ্ৰ ৰামদিয়াৰ লগতে হাজো অঞ্চলৰ প্ৰায় ২০ হাজাৰ ভক্তৰ আগমন এই ঐতিহাসিক পোৰাভিঠা সত্ৰৰ লাৰু উৎসৱলৈ৷

শ শ বছৰ ধৰি অনুস্থিত হৈ অহা লাৰু দিয়া উৎসৱত হিন্দু- মুচলমান সকলোৱে লাৰুৰ বাবে চাউল গুৰ আদি সামগ্ৰী প্ৰদান কৰে৷ এই ঐতিহাসিক উৎসৱত লাৰু দিলে মনৰ কামনা পূৰণ হয় বুলি লোক বিশ্বাস আছে৷

এই ব্যতিক্ৰমী উৎসৱত হাজাৰ হাজাৰ ভক্তৰ ভিৰ৷। ১৮৭ কুইন্টল চাউল আৰু প্ৰায় এশ কুইন্টল গুড় লাড়ুৰ বাবে আগবঢ়াই অসমৰ ভিন্ন প্ৰান্তৰ ভক্তৰ লগতে পশ্চিমবংগৰ কেইবাগৰাকী ভক্তই।এই লাড়ু উৎসৱে বিভিন্ন ধৰ্মাম্বলম্বী লোকৰ মাজত ঐক্যৰ এনাজড়ী ডাল সুদৃঢ় কৰি ৰাখিছে৷।

Pratham Khabar News

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

one × 4 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.