AssamCity newsঅসমগুৱাহাটীদৈনিক বাতৰিভাৰতশিক্ষা

চিৰাঙৰ গুণোৎসৱৰ আজি তৃতীয় দিন, বহিঃমূল্যাংকনত মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মৰ অংশ গ্ৰহণ…..

চিৰাঙৰ গুণোৎসৱৰ আজি তৃতীয় দিন…

বহিঃমূল্যাংকনত মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মৰ অংশ গ্ৰহণ…

গুণগত শিক্ষাৰ মান নিশ্চিতকৰণৰ লক্ষ্যৰে অসম চৰকাৰৰ শিক্ষা বিভাগৰ উদ্যোগত আয়োজিত চিৰাং জিলাত মুঠ ৯১৭ খন বিদ্যালয়ত মুঠ ৬৫,৩৭৪ গৰাকী ছাত্ৰ ছাত্ৰীৰ মাজত গুণোৎসৱ অনুষ্ঠিত হৈছে৷ আজি মুঠ ৩২৭ খন বিদ্যালয়ৰ সৰ্বমুঠ ২২ হেজাৰ ছাত্ৰ ছাত্ৰীৰ মাজত অনুষ্ঠিত হৈছে গুণোৎসৱ…

জিলাখনৰ বড়ো বজাৰ শিক্ষাখণ্ডৰ বড়ো বজাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু বড়ো বজাৰস্থিত কস্তৰবা গান্ধী বালিকা বিদ্যালয়ত বহিঃমূল্যাংকনত ৰাজ্যৰ হস্ততাঁত আৰু বস্ত্ৰ শিল্প বিভাগৰ মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই অংশগ্ৰহণ কৰে…

ইয়াৰ মাজতে ষষ্ঠ শ্ৰেণীৰ বড়ো মাধ্যমৰ শিক্ষাৰ্থীৰ মাজত গণিত আৰু বিজ্ঞান বিভাগৰ পৰীক্ষাৰ প্ৰশ্নকাকত ইংৰাজীত দিয়াৰ ফলত ষষ্ঠ শ্ৰেণীৰ শিক্ষাৰ্থী সকলে এই পৰীক্ষা বৰ্জন কৰে…

প্ৰশ্ন কাকতৰ বিষয়টোৰ সমস্যা সমাধান কৰি নতুন কৈ পৰীক্ষা পাতিব বুলি মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে…

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

16 − 12 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.