Educationমনোৰঞ্জন

উত্তৰ প্ৰদেশৰ ব’ৰ্ড পৰীক্ষাত এজন শিক্ষাৰ্থীৰ কাণ্ডই হতবাক কৰিলে শিক্ষকসকলক….

১০০, ২০০ আৰু আনকি ৫০০ টকাৰ নোটো পৰীক্ষাৰ বহীৰ মাজৰ খামৰ ভিতৰত পোৱা গৈছিল

উত্তৰ প্ৰদেশৰ ব’ৰ্ড পৰীক্ষাত এজন শিক্ষাৰ্থীৰ কাণ্ডই হতবাক কৰিলে শিক্ষকসকলক।

ৰাজ্যখনত দশম আৰু দ্বাদশ শ্ৰেণীৰ বাবে ব’ৰ্ড পৰীক্ষা চলি থাকোতেই এজন পৰীক্ষাৰ্থীয়ে লিখিলে, “ছাৰ, মোৰ বিবাহ তিনিবাৰ ভংগ হৈছে। যথেষ্ট অসুবিধাৰ সৈতে, মোৰ পৰিয়ালে এটা সম্পৰ্ক গঢ়িবলৈ আৰম্ভ কৰিছে। কিন্তু দৰাজনে এটা চৰ্ত ৰাখিছে যে তেওঁ দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত উত্তীৰ্ণ হ’লেহে মোক বিয়া কৰাব। মোৰ মা-দেউতা মোৰ বিয়াক লৈ বহুত চিন্তিত। অনুগ্ৰহ কৰি মোক পৰীক্ষাত উত্তীৰ্ণ কৰাই দিয়ক, যাতে বিয়াখন হ’ব পাৰে!’

পৰীক্ষকসকলে পৰীক্ষা কাকতত শিক্ষাৰ্থীৰ আবেদন দেখি হতবাক হৈ পৰে।

কেৱল এনে আবেদনেই নহয়, ১০০, ২০০ আৰু আনকি ৫০০ টকাৰ নোটো পৰীক্ষাৰ বহীৰ মাজৰ খামৰ ভিতৰত পোৱা গৈছিল।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

4 × 5 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.