অসমঅসম আৰক্ষীগুৱাহাটী

ডাউকীত উদ্ধাৰ অভিযান! বন্দনাৰ স্বামী অমৰজ্যোতি দে’ৰ মৃতদেহৰ দুটাকৈ টুকুৰা উদ্ধাৰ

গুৱাহাটীৰ 'ডাবল মার্ডাৰ'ৰ ঘটনাই কঁপাইছে দেশ

গুৱাহাটীৰ ‘ডাবল মার্ডাৰ’ৰ ঘটনাই কঁপাইছে দেশ। এই চাঞ্চল্যকৰ ‘ডাবল মাৰ্ডাৰ’ৰ ঘটনাৰ তদন্ত অব্যাহত আছে। মহানগৰীৰ নৃশংস হত্যাকাণ্ডৰ মূল অভিযুক্ত বন্দনা কলিতাৰ লগতে সহযোগী অৰূপ ডেকা আৰু ধনটি ডেকাক লগত লৈ আৰক্ষীৰ এটা দল মেঘালয়লৈ ৰাওনা হৈছিল। সোমবাৰে মেঘালয়ৰ পৰা বন্দনাৰ শাহু শংকৰী দে’ৰ মৃতদেহৰ টুকুৰা ইতিমধ্যে উদ্ধাৰ কৰিছে আৰক্ষীয়ে।

চেৰাপুঞ্জীৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিছিল শংকৰী দে’ৰ মৃতদেহ। মুণ্ডহীন অৱস্থাত উদ্ধাৰ হৈছিল। শংকৰীৰ দেহ, নাছিল হাতো। উদ্ধাৰ হোৱা নাছিল বন্দনা কলিতাৰ স্বামী অমৰজ্যোতি দে’ৰ মৃতদেহ। আজি পুৱাই তিনিওজন অভিযুক্তক লগত লৈ মেঘালয়ৰ ডাউকীলৈ ৰাওনা হয় আৰক্ষীৰ এটা দল। মেঘালয়ত অমৰজ্যোতিৰ মৃতদেহৰ সন্ধানত অভিযান চলায় আৰক্ষীয়ে।

এই অভিযানত এটা নীলা পলিথিন উদ্ধাৰ হৈছে ডাউকীত৷ সেই পলিঠিনতে অমৰজ্যোতি দে’ৰ মৃতদেহৰ টুকুৰা থকা বুলি সন্দেহ কৰিছে আৰক্ষীয়ে। ১৮ আগষ্টত ডাউকীত অমৰজ্যোতি দে’ মৃতদেহৰ টুকুৰা পেলাইছিল হত্যাকাৰীয়ে।

আনহাতে অমৰজ্যোতি দে’ৰ দুটাকৈ মৃতদেহৰ টুকুৰা উদ্ধাৰ কৰিছে আৰক্ষীয়ে৷ ইতিমধ্যে তিনিটাকৈ স্থানত উদ্ধাৰ অভিযান চলাইছে আৰক্ষীয়ে।

ইয়াৰে এটা স্থানৰ পৰা উদ্ধাৰ হৈছে অমৰজ্যোতিৰ হাড়। মহানগৰ আৰক্ষীৰ অভিযানত সহযোগ কৰিছে মেঘালয় আৰক্ষীয়ে। আন কেইবাটাও স্থানত চলিব আৰক্ষীৰ অভিযান। কিয়নো ৫টা স্থানত মৃতদেহৰ ৫টা টুকুৰা পেলাইছিল অভিযুক্তই।

উল্লেখযোগ্য যে সম্পত্তিৰ লালসাত অন্ধ হৈ বন্দনা কলিতা নামৰ মহিলাগৰাকীয়ে স্বামী আৰু শাহুৱেকক নৃশংসভাৱে হত্যা কৰিছিল। পৰকীয়া প্ৰেমিক ধনটি ডেকা আৰু ধনটিৰ বন্ধু অৰূপ দাসৰ সৈতে মিলি সংঘটিত কৰিছিল এই লোমহর্ষক হত্যাকাণ্ড। বর্তমান তিনি অভিযুক্ত আৰক্ষীৰ জিম্মাত আছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

twenty + 2 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.