ভাৰত

আজি শিশু দিৱস। শিশু দিৱসৰ তাৎপৰ্য কি!

প্ৰত্যেকগৰাকী শিশুলৈ শিশু দিৱসৰ শুভকামনা

বিশিষ্ট কবি তথা নাট্যকাৰ লক্ষ্যধৰ চৌধৰী দেৱে তেখেতৰ “মোৰ লক্ষ্য “নামৰ কবিতা টোৰ এক অংশত শিশুসকলৰ উদ্দেশ্য কৈছিল,

“মই হ’ম জৱাহৰলাল,
পৰাধীনতাৰ সাগৰ সাঁতুৰি
তৰিম জয়ৰ পাল,
মই হ’ম জৱাহৰলাল।”

আজিৰ শিশু কাইলৈ দেশৰ ভৱিষ্যৎ। শিশুৱেই হ’ল মানৱ জীৱনৰ আটাইতকৈ সংবেদনশীল অংশ। যি চিৰ সুন্দৰ। শিশুৰ মন অভিজ্ঞতাৰ আঘাতে নোকোবোৱা এধানি কলিৰ দৰে। আজি শিশু দিৱস। শিশুসকলৰ বাবে এক উল্লেখযোগ্য দিন। এই দিনটো শিশুসকলৰ বাবে উৎসৰ্গিত। শিশুৰ প্ৰতি স্নেহৰ বাবে বিখ্যাত সেইজনা মহান মনিষী, আমাৰ সকলোৰে পৰিচিত স্বাধীন ভাৰতৰ প্ৰথমজন প্ৰধান মন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহেৰুৰ প্ৰতি সন্মান জনাই তেখেতৰ জন্ম দিনটো শিশু দিৱস হিচাপে পালন কৰা হয়। শিশুসকলক তেওঁলোকৰ অধিকাৰ, যত্ন আৰু শিক্ষাৰ বিষয়ে সজাগতা বৃদ্ধি আৰু সৱলীকৰণ কৰাৰ উদ্দেশ্যে উদযাপন কৰা হয় এই দিনটো।

 

প্ৰতি বছৰৰ ১৪ নৱেম্বৰ দিনটো শিশু দিৱস হিচাপে উদযাপন কৰা হয়। ১৪ নৱেম্বৰৰ দিনটোতে ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰ লাল নেহৰুৰ জন্ম হয়। শিশুসকলৰ প্ৰতি থকা তেওঁৰ অনুৰাগৰ বাবে সকলোৱে মৰমেৰে তেওঁক নেহৰু চাচা বুলি কয়। তেখেতৰ সিশুসকলৰ প্ৰতি থকা অগাধ মৰমক শ্ৰদ্ধা জনায় প্ৰতি বছৰে তেখেতৰ জন্মদিনটো অৰ্থাৎ ১৪ নৱেম্বৰে দেশে শিশু দিৱস হিচাপে পালন কৰি আহিছে। তেওঁ শিশুসকলক ৰাষ্ট্ৰৰ ভৱিষ্যত আৰু কাইলৈৰ নাগৰিক হিচাপে গণ্য কৰিছিল। জৱাহৰ লাল নেহৰুৱে কৈছিল যে, ‘আজিৰ সন্তানে কাইলৈৰ ভাৰত গঢ়ি তুলিব। আমি তেওঁলোকক যিধৰণে ডাঙৰ-ডাঙৰ-ডাঙৰ কৰিম সেয়াই দেশৰ ভৱিষ্যত নিৰ্ধাৰণ কৰিব।’

 

শিশু সকলৰ মাজত “চাচা নেহৰু ” নামেৰে খ্যাত পণ্ডিত জৱাহৰলাল নেহেৰুৰ জন্ম হৈছিল ১৮৮৯ চনৰ ১৪ নৱেম্বৰত এলাহাবাদৰ আনন্দ ভৱনত। তেখেতৰ পিতৃৰ নাম আছিল মতিলাল নেহৰু আৰু মাকৰ নাম আছিল স্বৰুপা ৰাণী। নেহেৰু আছিল তেওঁলোকৰ একমাত্ৰ সন্তান। স্বাধীন ভাৰতৰ প্ৰথম গৰাকী প্রধান মন্ত্ৰী হিচাপে নিবাচিত হৈ কাযনিৰ্বাহ কৰা পাছত ১৯৬৪ চনৰ ২৭ মে’ ত এই মহান নেতাজনে ইহলীলা সম্বৰণ কৰে। এই দিনটো “শিশু দিৱস ” হিচাপে পালন কৰাৰ প্ৰধান তাপয্য হ’ল- শিশুসকলৰ প্রতি থকা নেহেৰুৰ অকৃত্ৰিম ভালপোৱা আৰু আকাংক্ষা। নেহেৰুৱে কৈছিল ” আজিৰ শিশু কাইলৈ দেশৰ নাগৰিক। তেওঁলোকৰ সবতোপ্রকাৰে উন্নতিৰ কাৰণে আমি সদায় যত্ন পৰ হব লাগে। শিশু সকলক নেহৰুৱে বাগিচাৰ ফুলৰ কলিৰ লগতো তুলনা কৰিছিল। সিহঁতক সম্পূৰ্ণৰূপে মৰম আৰু ভালপোৱাৰে ডাঙৰ হ’বলৈ দিয়া উচিত বুলি ও মন্তব্য কৰিছিল। তেওঁ ১৯৫৫চনত কেৱল শিশুৰ বাবে চিল্ডাৰছ ফিল্ম ছ’চাইটি ইণ্ডিয়া স্থাপন কৰিছিল।হিচাপে উদযাপন কৰাবাবে ইচ্ছাকৃত কৰা হৈছিল। ১৯৫৬ চনৰ পৰা ভাৰতবৰ্ষত ২০ নৱেম্বৰত শিশু দিৱস উদযাপন কৰা হৈছিল যদিও জৱাহৰলাল নেহেৰুৰ মৃত্যুৰ পিছত ভাৰতীয় সংসদে দেশৰ প্ৰথম প্ৰধানমন্ত্ৰীগৰাকীৰ জন্ম জয়ন্তীক শিশু দিৱস হিচাপে পালন কৰাৰ এক প্ৰস্তাৱ গৃহীত কৰে। এনে কৰাৰ কাৰণ আছিল নেহৰুৱে শিশুৰ শৈক্ষিক, মানসিক আৰু বৌদ্ধিক বিকাশৰ বাবে অহোপুৰুষাৰ্থ ভাৱে কাম কৰিছিল। উল্লেখযোগ্য যে নেহেৰুৱেই আছিল একমাত্ৰ প্ৰধানমন্ত্ৰী যি শিশুৰ বাবে নিজৰ জীৱনৰ সৰহভাগ সময় নিয়োজিত কৰিছিল।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

7 − five =

Back to top button