অসমঅসম আৰক্ষীগুৱাহাটী

বাগৰি বাগৰি কান্দি পিতৃয়ে ক’লে – ‘হাতযোৰ কৰিছো, মোৰ ল’ৰাটো ঘূৰাই দিয়ক নহ’লে মই কেমেৰাৰ সন্মুখতে মৰি যাম

কাইলৈ বিয়াৰ অভ্যৰ্থনা আছিল অৰূপ দাসৰ। কিন্তু সেই মুহূৰ্তটোৰ আনন্দ ল’ব নোৱাৰিলে অৰূপ দাসে।

বাগৰি বাগৰি কান্দি পিতৃয়ে ক’লে – ‘হাতযোৰ কৰিছো, মোৰ ল’ৰাটো ঘূৰাই দিয়ক, নহ’লে মই কেমেৰাৰ সন্মুখতে মৰি যাম, সি তেনেকুৱা নহয় অ…

যিখন ঘৰত আজি আনন্দত উখল–মাখল হৈ থাকিব লাগিছিল। কিন্তু সেই ঘৰখনত আনন্দৰ সলনি এতিয়া বিষাদেৰে ভৰি পৰিছে, সকলো ফালৰ পৰা কেৱল চকুলো,

কাইলৈ বিয়াৰ অভ্যৰ্থনা আছিল অৰূপ দাসৰ। কিন্তু সেই মুহূৰ্তটোৰ আনন্দ ল’ব নোৱাৰিলে অৰূপ দাসে। গুৱাহাটীৰ লোমহৰ্ষক হত্যাকাণ্ডৰ ঘটনাত জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ হ’ল অৰূপ দাস। বন্দনা কলিতা আৰু ধনটি দাসৰ সৈতে গ্ৰেপ্তাৰ হ’ল অৰূপ।

এই ঘটনাৰ পিছতে এতিয়া কান্দোনৰ ৰোল উঠিছে অৰূপৰ ঘৰত। বিয়াৰ সকলো যা–যোগাৰ কৰা হৈ গৈছে অৰূপৰ ঘৰত। হিয়া ঢাকুৰি কান্দিছে অৰূপৰ পিতৃ–মাতৃয়ে।

কান্দি কান্দি অৰূপৰ পিতৃয়ে ক’লে – ‘‘মোৰ ল’ৰা ভাল। কিবা নিচা খুৱাই লৈ তাক পাগল কৰি দিছে। মোৰ ল’ৰাক মিছা কথাত ফচাইছে। সকলো মিছা কথা। মোৰ ল’ৰাটো আনি দিয়ক নহলে মই কেমেৰাৰ সন্মুখতে মৰি যাম, সি তেনেকুৱা নহয় অ।

হাত যোৰ কৰিছো মোৰ ল’ৰাটোক ঘূৰাই দিয়ক। মই ল’ৰাক বহু কষ্টৰে মই শাক-পাছলিৰ ব্যৱসায় কৰি পঢ়াইছো, বেয়া কামত পঠোৱা নাই, কোনেও ক’ব নোৱাৰে।’’

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

four × 2 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.