অসমবোলছবি

স্বাধীনতাৰ বাবে নিজৰ প্ৰাণকো তুচ্ছ জ্ঞান কৰা অসমৰ কেইগৰাকীমান মহিয়সী মহিলা

পুৰুষৰ সমানে ফেৰ মিলাই বহু মহিলাই ভাৰত স্বাধীন হোৱাত বিশেষ অৰিহণা যোগাইছিল

দেশৰ স্বাধীনতা সংগ্ৰামত অন্যান্য প্ৰান্তৰ দৰে অসমতো জ্বলি উঠিছিল বৃটিছৰ বিৰুদ্ধে প্ৰতিবাদৰ জুই। পুৰুষ-মহিলা উভয়েই জপিয়াই পৰিছিল এই সংগ্ৰামত। দেশৰ স্বাৰ্থত বহুতে নিজৰ প্ৰাণকো তুস্ব জ্ঞান কৰি নিজকে আহুতি দিছিল।

স্বাধীনতাৰ বাবে নিজৰ প্ৰাণকো তুচ্ছ জ্ঞান কৰা অসমৰ কেইগৰাকীমান মহিয়সী মহিলা

স্বাধীনতা সংগ্ৰামত অসমত পুৰুষৰ দৰেই মহিলাসকলো ঘৰৰ চাৰিওবেৰৰ পৰা ওলাই আহি এই স্বাধীনতা আন্দোলনত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছিল আৰু বৃটিছৰ বিৰুদ্ধাচৰণ কৰিছিল। বহুকেইগৰাকী মহিলাই নিজৰ প্ৰাণো আহুতি দিছিল। তেনে কেইগৰাকীমান আছিল- কনকলতা বৰুৱা, মালতী মেম, দাৰিকী দাসী বৰুৱা, ভোগেশ্বৰী ফুকননী, তিলেশ্বৰী বৰুৱা, ৰেৱতী লাহন, খহুলী দেৱী, কুমলী দেৱী, পদুমী গগৈ, গোলাপী চুতিয়ানী,  লীলা নেওগনী, থুনুকী দাস, জালুকী কছাৰীয়নী,কন চুতিয়ানী আদি। ইয়াৰ ভিতৰত কেইগৰাকীমান মহিয়সী নাৰীৰ বিষয়ে আলোচনা কৰা হ’ল।

ঢেকিয়াজুলিত ভাৰত ত্যাগ আন্দোলনত অংশগ্ৰহণ কৰি মৃত্যুক সাৱটি লৈছিল তিলেশ্বৰী বৰুৱাই। ১৯২০ চনৰ ২০ ছেপ্তেম্বৰত ঢেকিয়াজুলি থানাত পতাকা উত্তোলন কৰিবলৈ যোৱা সমদলকাৰীৰ উদ্দেশ্যে পুলিচে গুলীচালনা কৰাত গুলীবিদ্ধ হৈ থিতাতে মৃত্যুমুখত পৰিছিল তিলেশ্বৰী বৰুৱা। উল্লেখযোগ্য যে একেদিনাই গহপুৰত মৃত্যুবৰণ কৰিছিল কনকলতা বৰুৱাই।

‘মৃত্যু বাহিনী’ৰ এগৰাকী সক্ৰিয় সদস্যা আছিল কনকলতা বৰুৱা। ২০ ছেপ্তেম্বৰ ১৯৪২ চনত গহপুৰ থানাত পতাকা উত্তোলন কৰিবলৈ গৈ বৃটিছৰ গুলীত গুলীবিদ্ধ হৈ মৃত্যুক সাবটি লৈছিল এইগৰাকী মহিয়সী নাৰীয়ে। সমদলৰ নেতৃত্ব দিয়া কনকলতা বৰুৱাৰ মৃত্যুৰ সময়ত বয়স আছিল মাথোঁ ১৮ বছৰ।

নগাঁও জিলাৰ স্বাধীনতা সংগ্ৰামৰ এগৰাকী বলিষ্ঠ সংগঠক আছিল ভোগেশ্বৰী ফুকননী। ভাৰত ত্যাগ আন্দোলনৰ সময়ত বঢ়মপুৰত স্বাধীনতা সংগ্ৰামৰ নেতৃত্ব দিছিল ভোগেশ্বৰী ফুকননীয়ে। ১৯৪২ চনৰ ১৮ ছেপ্তেম্বৰত বঢ়মপুৰত ত্ৰিৰংগা পতাকা উত্তোলন  কৰিবলৈ আগবাঢ়ি যাওতে পুলিচৰ গুলীত গুলীবিদ্ধ হয়। গুলীবিদ্ধ হোৱাৰ তিনিদিনৰ পাছত তেখেতে শেষ নিশ্বাস ত্যাগ কৰে।

চাহ বাগিছাৰ মদ নিবাৰণী আন্দোলনৰ এগৰাকী অন্যতম নেত্ৰী আছিল মালতী মেম ওৰফে মাংৰি ওৰাং। বৃটিছ প্ৰশাসনৰ বিৰুদ্ধে কংগ্ৰেছৰ স্বেচ্ছাসেৱক সকলক সহায় কৰাৰ কথা গম পাই মালতী মেমক ১৯২১ চনত দৰং জিলাৰ লালমাটিত চৰকাৰী পক্ষই হত্যা কৰে।

তিলেশ্বৰী বৰুৱা আৰু খহুলী দেৱীৰ সৈতে মৃত্যুবৰণ কৰা অইন এগৰাকী সাহসী মহিলা আছিল কুমলী দেৱী। ভাৰত ত্যাগ আন্দোলনৰ বৃটিছ বিৰোধী সমদলত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি ১৯৪২ চনৰ ২০ ছেপ্তেম্বৰত ঢেকিয়াজুলি পুলিচ ফায়াৰিঙত গুলীবিদ্ধ হৈ মৃত্যুবৰণ কৰিছিল কুমলী দেৱীয়ে।

আইন অমান্য আন্দোলনৰ এগৰাকী অগ্ৰণী নেত্ৰী গোলাঘাটৰ দাৰিকী দাসী বৰুৱায়ে নিচা বিৰোধী আন্দোলনৰো নেতৃত্ব দিছিল। এই আন্দোলনৰ লগত জড়িত থকাৰ অপৰাধত ১৯৩২ চনৰ ১ ফেব্ৰুৱাৰীত তেখেতক বৃটিছ চৰকাৰে গ্ৰেপ্তাৰ কৰে আৰু ৬ মাহৰ কাৰাবাসৰ হুকুম দিয়ে। গ্ৰেপ্তাৰৰ সময়ত গৰ্ভাৱস্থাত থকা এই গৰাকী সংগ্ৰামী মহিলাই চৰকাৰে আগবঢ়োৱা জামিনৰ সুবিধা অগ্ৰাহ্য কৰি দেশপ্ৰেমৰ এক অতুলনীয় চানেকি দাঙি ধৰিছিল। কাৰাবাসতে অসুস্থ হৈ ২৬ এপ্ৰিল, ১৯৩২ চনত তেখেতে মৃত্যুবৰণ কৰে।

স্বাধীনতা আন্দোলনৰ এগৰাকী অগ্ৰণী সেনানী ৰেৱতী লাহনে ভাৰত ত্যাগ আন্দোলনত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছিল। ১৯৪২ চনৰ আন্দোলনত অংশগ্ৰহণ কৰি তেখেতে কাৰাবাস খাটিবলগীয়া হয় আৰু এই সময়ছোৱাতেই নিউম’নিয়া ৰোগত আক্ৰান্ত হৈ তেখেতৰ স্বাস্থ্য ভাগি পৰে। কাৰাবাস অন্ত পৰাৰ কিছুদিনৰ পাছতেই তেখেতৰ মৃত্যু ঘটে।

এনেদৰে বহুকেইগৰাকী মহিয়সী মহিলাই পুৰুষৰ সমানে ফেৰ মিলাই ভাৰত স্বাধীন হোৱাত বিশেষ অৰিহনা যোগাই থৈ গৈছে।

Related Articles

One Comment

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

15 − 6 =

Back to top button