AssamFestivalleatest updateRegionalSocial

উদুলি-মুদুলি ৰঙিয়া অধিৱেশনস্থলী; হৰিনামৰ ধ্বনিৰে মুখৰিত ৰঙিয়াৰ হাতীখলা পথাৰ।

দ্বিতীয় বৈকুণ্ঠপুৰীলৈ পৰিণত হৈছে ৰঙিয়াৰ হাতীখলা পথাৰ!

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৩ সংখ্যক অধিৱেশনৰ আজি দ্বিতীয় দিন। গুৰু বন্দনাৰে মুখৰ হৈ পৰিছে ৰঙিয়াৰ হাতীখলা পথাৰ। অধিৱেশন উপলক্ষে হাতীখলা পথাৰত সমবেত হৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা হাজাৰ হাজাৰ ভকত-বৈষ্ণৱ আৰু আইমাতৃ। হাজাৰ হাজাৰ ভকত-বৈষ্ণৱৰ হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে ৰঙিয়াৰ হাতীখলা পথাৰৰ অধিৱেশস্থলী। যেন দ্বিতীয় বৈকুণ্ঠপুৰীলৈ পৰিণত হৈছে ৰঙিয়াৰ হাতীখলা পথাৰ।

শনিবাৰে পুৱাৰে পৰা অধিৱেশনস্থলীলৈ সোত বৈছে বহুতো ভকত, বৈষ্ণৱ, আই মাতৃৰ। লোকে লোকাৰণ্য হৈ পৰিছে প্ৰায় ৬০০ বিঘা ভূমিক সামৰি লোৱা ৰঙিয়াৰ হাতীখলা পথাৰত অনুষ্ঠিত শংকৰদেৱ সংঘৰ ৯৩ সংখ্যক অধিৱেশনস্থলী। মূল নামঘৰত পুৱাৰে পৰা আৰম্ভ হৈছে নাম কৃৰ্তনৰ। সেৱাবাহিনীৰ এক বিশাল দলক অধিৱেশনৰ প্ৰতিটো দিশ চোৱাচিতা কৰিবলৈ নিয়োগ কৰা হৈছে।

Pratham Khabar News

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

14 − 6 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.