অসম

সম্পন্ন হ’ল কেবিনেট বৈঠক, চৰকাৰৰ নতুন পৰিকল্পনা সন্দৰ্ভত কি ঘোষণা মুখ্যমন্ত্ৰীৰ?

আহমেদাবাদতো হ’ব লাচিতৰ জন্মজয়ন্তী অনুষ্ঠান। মুম্বাইতো হ’ব লাচিত বৰফুকনৰ জন্মজয়ন্তী। লগতে কামৰূপৰ দদৰাত হ’ব আলাবৈ ৰণৰ যুদ্ধ স্মৃতিক্ষেত্র।লাচিত বৰফুকনৰ ওপৰত নিৰ্মাণ হ’ব তথ্যচিত্র।

দেওবাৰে জনতা ভৱনত সম্পন্ন হ’ল ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক। ৰাজ্যিক কেবিনেটত লোৱা হ’ল কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত। কেবিনেট বৈঠকৰ অন্তত সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰীৰ ঘোষণা-

 

◾তিনিদিনীয়া ভ্রমণসূচীৰে অসমলৈ আহিব ৰাষ্ট্রপতি। ২৫ ফেব্রুৱাৰীত অসমলৈ আহিব ৰামনাথ কোবিন্দ। লাচিত বৰফুকনৰ ৪০০তম জন্ম জয়ন্তীৰ শুভাৰম্ভণি কৰিব ৰাষ্ট্ৰপতিগৰাকীয়ে। আধাৰশিলা স্থাপন কৰিব লাচিত বৰফুকনৰ সমাধিক্ষেত্রৰ। যোৰহাটত নিৰ্মাণ হ’ব লাচিত বৰফুকনৰ সমাধিক্ষেত্র। আহমেদাবাদতো হ’ব লাচিতৰ জন্মজয়ন্তী অনুষ্ঠান। মুম্বাইতো হ’ব লাচিত বৰফুকনৰ জন্মজয়ন্তী। লগতে কামৰূপৰ দদৰাত হ’ব আলাবৈ ৰণৰ যুদ্ধ স্মৃতিক্ষেত্র।লাচিত বৰফুকনৰ ওপৰত নিৰ্মাণ হ’ব তথ্যচিত্র।

 

◾বুঢ়ীদিহিং-বেঁকী নৈত বান সংৰক্ষণ প্রকল্পৰ আৰম্ভ কৰা হ’ব।৮০০ কোটি টকা ব্যয়েৰে আৰম্ভ হ’ব প্রকল্পৰ কাম।

 

◾মঙলদৈত নিৰ্মাণ হ’ব দক্ষতা বিকাশ(Skill Development)ৰ বিশ্ববিদ্যালয়। ১০১৬ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব বিশ্ববিদ্যালয়।

 

◾আনহাতে, বাৰীৰ গছ কাটিবলৈ বনবিভাগৰ অনুমতি নালাগে বুলি উল্লেখ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। আম, জামুন, ইউকেলিপ্টাছ, অগৰ, চন্দন, বাঁহ, লেতেকু, পনিয়ল, মধুৰীআম, কঁঠাল, তামোল, তাল, নাৰিকল গছ, দেবদাৰু, শিৰীষ, শিমলু, কদম আদি গছসমূহ যদিহে বন বিভাগৰ এলেকাৰ ভিতৰত নপৰে তেন্তে সেইসমূহ গছ কাটিবৰ বাবে বন বিভাগৰ অনুমতি ল’ব নালাগে। ইয়াৰ যোগেদি প্লাইউড উদ্যোগক প্ৰাধান্য দিয়াৰ প্ৰয়াস কৰিব চৰকাৰে। লগতে, শীঘ্রেঅসমতগঠনহ’ব AGRO FORESTRY COMMISSION।

 

◾ৰাজ্য চৰকাৰৰ যিমানবোৰ ৰাজপত্ৰিত্ব পদবী আছে, তাৰে ৪৮ টা নতুন পদ APSCক পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে প্ৰদান কৰা হৈছে। পূৰ্বে APSCৰ অধীনত ২৮ টা পদৰ বাবেহে পৰীক্ষা অনুষ্ঠিত হৈছিল। ৰাজ্য চৰকাৰৰ Grade-A আৰু Grade Bৰ সকলোবোৰ পদৰ পৰীক্ষা APSCয়ে অনুষ্ঠিত কৰিব। একেটা ACS পৰীক্ষাৰ পৰাই হ’ব সকলো গেজেটে পদৰ নিযুক্তি।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

seventeen − eight =

Back to top button