অসমগুৱাহাটীদৈনিক বাতৰিভাৰতৰাজনৈতিকশিক্ষা

নিখিল ৰাভা সাহিত্য সভাৰ উদ্যোগত ২০২৩ শিক্ষাবৰ্ষৰ ৰাভা ভাষা ডিপ্লমা কোৰ্চৰ পৰীক্ষা সমূহ ৭ জুলাইৰ পৰা ৯ জুলাইলৈ অনুষ্ঠিত হ’ব

বেবাক ৰাভা ক্ৰৌৰাং ৰুনচুম অৰ্থাত নিখিল ৰাভা সাহিত্য সভাৰ উদ্যোগত ২০২৩ শিক্ষাবৰ্ষৰ ৰাভা ভাষা ডিপ্লমা কোৰ্চৰ পৰীক্ষা সমূহ ৭ জুলাইৰ পৰা ৯ জুলাইলৈ অনুষ্ঠিত হ’ব।

গোলাঘাট, তিনিচুকীয়া, ধেমাজী, শোণিতপুৰ, ওদালগুৰি, তামুলপুৰ, বাক্সা, বঙাইগাও, চিৰাং, কোকৰাঝাৰ, গোৱালপাৰা, কামৰূপ জিলাত অনুষ্ঠিত হ’ব ৰাভা ভাষাৰ পৰীক্ষা।

অসমৰ লগতে মেঘালয়ৰ মুঠ ৪১ টা কেন্দ্ৰত পৰীক্ষা অনুষ্ঠিত হ’ব পৰীক্ষা সমূহ।

ফামানছিনি (পৰিচয়) ৩৪ গৰাকী, পৗমৗৰছিনি (প্ৰথমা) ২১০ গৰাকী, হাবাৰছিনি (প্ৰবেশিকা) ৩০৪ গৰাকী, পিৰহাবাৰছিনি (প্ৰবোধ) ৪০০ গৰাকী, মৗতকাপছিনি (বিশাৰদ) ১৫৫ গৰাকী, পিৰমৗতকাপছিনি (প্ৰবীন) প্ৰথম বৰ্ষ-৬৭ গৰাকী আৰু দ্বিতীয় বৰ্ষৰ ৭২ গৰাকী পৰীক্ষাৰ্থী।

মুঠ ১২৪২ গৰাকী পৰীক্ষাৰ্থী অবতীৰ্ণ হ’ব ৰাভা ভাষাৰ পৰীক্ষাত।

২০১০ চনত ৰাভা ভাষাৰ পৰীক্ষা নিমন্ত্ৰণ বোৰ্ড গঠন কৰি ২০১১ চনৰ পৰা ৰাভা সাহিত্য সভাৰ উদ্যোগত ৰাভা ভাষাৰ পৰীক্ষা অনুষ্ঠিত কৰা হয়।

ৰাভা ভাষাৰ প্ৰসাৰ-প্ৰচাৰ আৰু সংৰক্ষণ লক্ষ্যৰে ৰাভা ডিপ্লমা পৰীক্ষা অনুষ্ঠিত কৰা হৈছে।

যাৰ জৰিয়তে ৰাভা লোক অধ্যুষিত অঞ্চলৰ প্ৰাথমিক বিদ্যালয় সমূহত নিযুক্তি দিয়া হৈছে ‘ৰাভা ভাষা’ৰ শিক্ষক।

এই কথা জানিবলৈ দিয়ে নিখিল ৰাভা সাহিত্য সভাৰ মুখ্য সম্পাদক ৰাজকুমাৰ ৰাভাই।

Pratham Khabar News

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

seventeen + 8 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.