অপৰাধ

Shab-e-Barat পালনৰ বাবে যাওঁতেই জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যুক সাৱটিলে নৱবিবাহিত দম্পতীয়ে…

কিন্তু পিতৃয়ে চাজিদুৰলৈ ফোন কৰে যদিও ইতিমধ্যে বহু পলম হৈ গৈছিল। জীৱন ৰক্ষাৰ আপ্ৰাণ চেষ্টা চলাইও অৱশেষত মৃত্যুৰ ওচৰত হাৰ মানিলে লিলি আৰু চাদিজুৰে। পাছদিনা, দুয়োজনৰে জ্বলি যোৱা মৃতদেহ উদ্ধাৰ কৰা হয় বাসগৃহটোৰ পৰা

এক শিহৰণকাৰী ঘটনাই জোকাৰিছে পশ্চিম বংগ। এক অকল্পনীয় ঘটনাই স্তব্ধ কৰি তুলিছে সকলো। এটা নৱ বিবাহিত দম্পতীক দুৰ্বৃত্তই জীৱন্তে জ্বলাই দিয়াৰ পিছতে পশ্চিম বংগৰ বাগটুই আৰু নানুৰ গাঁৱত বিৰাজ কৰিছে নীৰৱতা।

 

চলিত বৰ্ষৰ জানুৱাৰী মাহত বিবাহপাশত আৱদ্ধ হৈছিল লিলি খাটুন আৰু কাজী চাজিদুৰ। পৰিয়ালৰ সৈতে Shab-e-Barat পালনৰ বাবে স্বামী চাজিদুৰৰ সৈতে মাকৰ ঘৰলৈ ফুৰিবলৈ গৈছিল লিলি খাটুন। কিন্তু মাকৰ ঘৰলৈ যোৱাটোৱেই যেন কাল হ’ল। দুৰ্ভাগ্যবশতঃ নিশা দুয়োকে এটা ঘৰত আৱদ্ধ কৰি ঘৰটোত অগ্নিসংযোগ কৰি দিয়ে দুৰ্বৃত্তই। ততাতৈয়াকৈ চাজিদুৰে নিজৰ বন্ধু মহিমক ঘটনাৰ বিষয়ে সবিশেষ জনাই আৰক্ষীক খবৰ দিবলৈ কয়। আৰক্ষীক খবৰ দিয়াৰ পূৰ্বে চাজিদুৰৰ বন্ধুজনে ততাতৈয়াকৈ খবৰ দিয়ে চাজিদুৰৰ পিতৃক। কিন্তু পিতৃয়ে চাজিদুৰলৈ ফোন কৰে যদিও ইতিমধ্যে বহু পলম হৈ গৈছিল। জীৱন ৰক্ষাৰ আপ্ৰাণ চেষ্টা চলাইও অৱশেষত মৃত্যুৰ ওচৰত হাৰ মানিলে লিলি আৰু চাদিজুৰে। পাছদিনা, দুয়োজনৰে জ্বলি যোৱা মৃতদেহ উদ্ধাৰ কৰা হয় বাসগৃহটোৰ পৰা।

উল্লেখ্য যে, মঙলবাৰে পশ্চিম বংগৰ বিৰভুম জিলাৰ ৰামপুৰ গাঁৱত দুৰ্বৃত্তই জ্বলাই দিয়ে কেইবাটাও বাসগৃহ। অগ্নিকাণ্ডৰ ফলত মৃত্যুক সাবটি লয় আঠজন লোকে। ইতিমধ্যে, এই হৃদয়বিদাৰক ঘটনা সন্দৰ্ভত ৭২ ঘণ্টাৰ ভিতৰত অনুসন্ধান চলাবলৈ কাঢ়া নিৰ্দেশ দিছে গৃহ মন্ত্ৰালয়ে। কিন্তু পশ্চিম বংগত হৈ থকা ৰাজনৈতিক যুদ্ধ, অৰ্থনৈতিক সংকটে স্বাভাৱিকতে শংকিত কৰি তুলিছে সকলোকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

5 + nine =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.