AssamCity newsCrimeঅসমঅসম আৰক্ষীগুৱাহাটীচিকিৎসাদৈনিক বাতৰিভাৰত

মাৰ্ঘেৰিটাত উদণ্ড যুৱকৰ প্ৰহাৰ চিকিৎসকক, কুকুৰে কামোৰাৰ বেজীকলৈ সংঘাত…..

মাৰ্ঘেৰিটাত উদণ্ড যুৱকৰ প্ৰহাৰ চিকিৎসকক

এজাহাৰৰ ভিত্তিত তিনিযুৱকক গ্ৰেপ্তাৰ আৰক্ষীৰ

মাৰ্ঘেৰিটা অঃ চিকিৎসালয়ত কৰ্মৰত চিকিৎসকক প্ৰহাৰ

মধ্য নিশা চিকিৎসক অভিষেক গাৰোডিয়াক প্ৰহাৰ

কুকুৰে কামোৰাৰ বেজীকলৈ সংঘাত

গ্ৰেপ্তাৰ অভি গগৈ, বলো গগৈ, ডিম্পল বৰা

ঘটনা সন্দৰ্ভত জানিব পৰা মতে মঙ্গলবাৰে নিশা প্ৰায় ১২ বজাত মাৰ্ঘেৰিটা থানাৰ অন্তৰ্গত উলুপৰ পৰা অভি গগৈ, বলো গগৈ, ডিম্পল বৰাসহ কেইবাজনো লোক কুকুৰে কামোৰাৰ বাবে ৰেবিজ ভেকচিনৰ ল’বলৈ আহিছিল। তেতিয়া চিকিৎসক অভিষেক গাৰোডিয়াই নিশা হোৱাৰ হেতুকে লোক কেইজনক টকচাইদ বেজি দি পুৱা আহি বেজি ল’বৰ বাবে পৰামৰ্শ দিয়ে। লোক কেইজনে স্থানীয় এখন ফাৰ্মাচীৰ পৰা বেজী লৈ পুনৰ মাৰ্ঘেৰিটা চিকিৎসালয়লৈ ঘূৰি যায়। লোক কেইজনে চিকিৎসক গাৰোডিয়াক উপৰ্যুপৰি প্ৰহাৰ কৰাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় চিকিৎসকজন। আক্ৰমণৰ সময়ত লোক কেইজন সুৰামত্ত অৱস্থাত আছিল বুলি চিকিৎসকগৰাকীয়ে অভিযোগ কৰিছে। পিছত চিকিৎসক গাৰোডিয়াই মাৰ্ঘেৰিটা থানাত দিয়া এজাহাৰ ভিত্তিত যুৱক তিনিজনক গ্ৰেপ্তাৰ কৰি জেইল হাজোতলৈ প্ৰেৰণ কৰা হয়।

 

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

three × two =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.