অপৰাধঅসমআঞ্চলিকদৈনিক বাতৰি

ৰাজ্যত পুনৰ এনকাউন্টাৰ, আৰক্ষীৰ গুলীত নিহত দুৰ্ধৰ্ষ ডকাইত

মৰনৈ থানাৰ অন্তৰ্গত নেপালীখুটিত আৰু গোৱালপাৰা চহৰৰ গোবিন্দপুৰত সংঘটিত হয় এনকাউন্টাৰ

ৰাজ্যত পুনৰ এনকাউণ্টাৰ। শনিবাৰে নিশা গোৱালপাৰাৰ দুটা স্থানত সংঘটিত গুলীচালনা।

প্ৰথমে মৰনৈ থানাৰ অন্তৰ্গত নেপালীখুটিত আৰু পৰৱৰ্তী সময়ত গোৱালপাৰা চহৰৰ গোবিন্দপুৰত সংঘটিত হয় এনকাউন্টাৰ।

আৰক্ষীৰ গুলীত নিহত দুই দুৰ্ধৰ্ষ ডকাইত। আৰক্ষীক গুলীয়াই পলায়নৰ চেষ্টা চলাইছিল ডকাইতকেইটাই। লক্ষীপুৰৰ পৰা এএছ-০১এমএল-৩৭২৯ নম্বৰৰ ছুইফ গাড়ীখনেৰে ডকাইতি কৰিবলৈ আহিছিল দলটো।

নিহত ডকাইতৰ পৰা জব্দ কৰা হৈছে এটা পিষ্টল। ঘটনাস্থলীৰ পৰা পলায়ন কৰে আন এটা ডকাইত। দুজন ডকাইতক কৰায়ত্ত কৰিবলৈ সক্ষম হৈছে আৰক্ষী।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

19 − 16 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.