অসমআঞ্চলিকদৈনিক বাতৰিপ্ৰাকৃতিক দুৰ্যোগবতৰ

গৰু আনিবলৈ গৈ উভতি নাহিল ঘৰলৈ, ভদীয়া বানে উটুৱাই লৈ গ’ল এজনক

হঠাতে অহা ভদীয়া বানে সৰ্বস্বান্ত কৰি তুলিছে ৰাজ্যবাসীক

ক’ভিডৰ জটিল পৰিস্থিতিৰ সময়তে ৰাজ্যত ভদীয়া বানে ধৰিছে সংহাৰী ৰূপ। বানে এফালৰ পৰা উটুৱাই নিছে ঘৰ, পশুধন। হঠাতে অহা ভদীয়া বানে সৰ্বস্বান্ত কৰি তুলিছে ৰাজ্যবাসীক। কোনোবাই যদি ঘৰ হেৰুৱাইছে, কোনোবাই পশুধন, আন কোনোবাই আপোনজন।

ভদীয়া বানে প্ৰাণ কাঢ়িলে গহপুৰৰ এজন ব্যক্তিৰ। পানীত উটি গৈ মৃত্যুক সাৱটিলে গহপুৰৰ এজন ব্যক্তিয়ে।

ব্ৰহ্মপুত্ৰৰ‌ জলপৃষ্ঠ বৃদ্ধি পোৱাৰ ফলত গহপুৰতো কাল ৰূপ ধাৰণ কৰিছে বানে। শনিবাৰে গহপুৰৰ বৰাচুকৰ প্ৰসন্ন বৰা নামৰ লোকজনে গৰু আনিবলৈ যাওঁতে হঠাৎ পানী বৃদ্ধি পোৱাত পানীত উটি যায় লোকজন।‌ ৪৫ বছৰীয়া কৃষক প্ৰসন্ন বৰাৰ মৃতদেহটো দেওবাৰে পুৱা খাৰৈজানত উদ্ধাৰ হয়। আপোনজনক হেৰুৱাই কান্দোনত ভাগি পৰিছে প্ৰসন্ন বৰাৰ পৰিয়ালবৰ্গ। প্ৰসন্ন বৰাৰ মৃত্যুত এতিয়া সমগ্ৰ অঞ্চলজুৰি পৰিছে শোকৰ ছাঁ৷

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

1 × 2 =

Back to top button