অসমসাহিত্য

স্পেনিছ ভাষাত ৰসৰাজৰ সৃষ্টিৰাজি ‘বুঢ়ীআইৰ সাধু’!

JNUৰ ছাত্ৰ তন্ময় সোণোৱালৰ প্ৰচেষ্টাত স্পেনিছ ভাষালৈ অনুবাদিত হ'ল কিতাপখন

অসমীয়া ভাষা সংস্কৃতিলৈ সুখবৰ। বিদেশত আদৰ লাভ কৰিলে ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ সৃষ্টিৰাজিয়ে। ৰসৰাজৰ অমৰ সৃষ্টি ‘বুঢ়ীআইৰ সাধু’য়ে সমাদৰ লাভ কৰিলে বিদেশত। স্পেনিছ ভাষালৈ অনুবাদ হ’ল ‘বুঢ়ীআইৰ সাধু’ শীৰ্ষক সাধুকথাৰ কিতাপখন। বিদেশৰ পঢ়ুৱৈ সকলৰ সুবিধাৰ্থে কিতাপখন অনুবাদ কৰা হয় স্পেনিছ ভাষালৈ।

 

জৱাহৰলাল নেহেৰু বিশ্ববিদ্যালয়ৰ ছাত্ৰ তন্ময় সোণোৱালে স্পেনিছ ভাষালৈ অনুবাদ কৰিলে অসমীয়াৰ আবেগৰ ‘বুঢ়ীআইৰ সাধু’ শীৰ্ষক এই সাধুকথাৰ কিতাপখনি। ৰসৰাজৰ বুঢ়ী আইৰ সাধুত সন্নিৱিষ্ট আটাইকেইটা কাহিনী স্পেনিছ ভাষালৈ অনুবাদ কৰিছে তন্ময়ে। বৰ্তমান Flipkart আৰু Amazonত উপলব্ধ এই গ্ৰন্থখনি আদৰি লৈছে বিদেশী গ্ৰাহকসকলে। এই প্ৰচেষ্টাৰ জৰিয়তে ৰসৰাজৰ সৃষ্টি সমূহক বিশ্ববাসীৰ মাজলৈ লৈ যোৱাৰ প্ৰয়াস কৰিছে তন্ময়ে।

 

প্ৰথমে বনলতা পাব্লিকেচনে প্ৰকাশ কৰিছিল ‘বুঢ়ীআইৰ সাধু’ কিতাপখন। ৩০ আগষ্টত Flipkart আৰু Amazonত কিতাপখন উপলব্ধ হোৱাৰ লগতে ভাল ৰেটিং পাবলৈও সক্ষম হৈছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

20 + four =

Back to top button