অসমশ্ৰেণীবিহীন

নিৰ্জীৱ বস্তুত ৰং তুলিকাৰ বোল,ৰঙৰ পৰশত ন ৰূপ পাইছে নিৰ্জীৱ শিলবোৰেও

গছৰ ছাল, পাত, নাৰিকল, ময়ুৰ পাখি, চৰাইৰ পাখি আদি সকলো বস্তুৱে সজাই তুলিছে ৰং- তুলিকাৰে

নিৰ্জীৱ বস্তুক ৰং তুলিকাৰে ন ৰূপত সজাই তোলাৰ চেষ্টা এগৰাকী যুৱতীৰ। গছৰ ছাল, পাত, নাৰিকল, ময়ুৰ পাখি, চৰাইৰ পাখি আদি সকলো বস্তুৱে সজাই তুলিছে ৰং- তুলিকাৰে।

No photo description available.

চৰাই- চিৰিকটি পখিলা আদি অংকনেৰে ন-ৰূপ দিছে সকলো বস্তুতে।

May be an image of outdoors

শিলবোৰতো ব্যতিক্ৰমী ৰূপে ৰং তুলিকাৰে ন ৰূপত সজাই তোলাৰ চেষ্টা কৰিছে তাই। কাজিৰঙাৰ লিম্পী পাঠক নামৰ যুৱতীগৰাকীৰ প্ৰচেষ্টাত কাজিৰঙাৰ প্ৰশান্তি নামৰ চৰকাৰী অতিথিশালাখনৰ চৌহদত থকা শিলবোৰে পাইছে ন ৰূপ।

No photo description available.

উল্লেখ্যে যে অতিথিশালাখনৰ চৌহদৰ শিলবোৰত কাজিৰঙাৰ গঁড়, হাতী, পহু অংকন কৰি ব্যতিক্ৰমী ৰূপ দিয়াৰ প্ৰচেষ্টাত ব্যস্ত লিম্পী। লিম্পীয়ে নিজৰ হাততে ব্যতিক্ৰমী ৰূপত অংকন কৰিছে বহু কিতাপৰ বেতুপাতো।

No photo description available.

উল্লেখ্যে যে, চিত্ৰশিল্পৰ কোনো আনুষ্ঠানিক শিক্ষা নোহোৱাকৈ ব্যতিক্ৰমী ৰূপত চিত্ৰশিল্পৰ চৰ্চা অব্যাহত ৰাখিছে লিম্পীয়ে। অতিথিশালাখনলৈ অহা পৰ্যটকসকলে এই পদক্ষেপ আদৰি লব বুলি আশাবাদী চিত্ৰশিল্পীগৰাকী।

No photo description available.

No photo description available.

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

eleven + fourteen =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.