politicalআঞ্চলিক

আজি EVMত বন্দী হ’ব ৮৮৩ প্ৰাৰ্থীৰ ভাগ্য

৮ ডিচেম্বৰত ঘোষিত হ’ব বহুচৰ্চিত আৰু বহু প্ৰতিক্ষীত গুজৰাট বিধানসভাৰ নিৰ্বাচনী ফলাফল

আজি গুজৰাট বিধানসভা নিৰ্বাচনৰ দ্বিতীয় তথা অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ। EVMত বন্দী হ’ব ৮৮৩ প্ৰাৰ্থীৰ ভাগ্য। পুৱা ৮ বজাৰে পৰা বিয়লি ৪ বজালৈ ৰাজ্যখনৰ ১৪ খন জিলাত অনুষ্ঠিত হৈছে ভোটগ্ৰহণ প্ৰক্ৰিয়া। ৰাজ্যখনৰ ৯৩ টা বিধানসভা সমষ্টিত অনুষ্ঠিত হৈছে ভোটগ্ৰহণ। ইয়াৰে পুৰুষ প্ৰাৰ্থী আছে ৭৬৪জন আৰু মহিলা প্ৰাৰ্থী ৬৯ জন। প্ৰথম পৰ্যায়ত ৮৯টা সমষ্টিত অনুষ্ঠিত হৈছিল ভোটগ্ৰহণ ।

উল্লেখ্য যে, ৮ ডিচেম্বৰত ঘোষিত হ’ব বহুচৰ্চিত আৰু বহু প্ৰতিক্ষীত গুজৰাট বিধানসভাৰ নিৰ্বাচনী ফলাফল। স্বাভাৱিকতে গুজৰাট বিধানসভাৰ নিৰ্বাচন বিজেপিৰ বাবে হৈ পৰিছে সন্মানৰ প্ৰশ্ন। আনহাতে অৰবিন্দ কেজৰিৱাল নেতৃত্বাধীন আপে এই নিৰ্বাচনত একপ্ৰকাৰ প্ৰত্যাহ্বান হিচাপে গ্ৰহণ কৰিছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

twelve − 3 =

Back to top button