অৰ্থনৈতিকঅসম

বজাৰত মহঙা শাক-পাচলি, পেট্ৰ’লৰ পিছে পিছে এইবাৰ দৌৰিছে পিঁয়াজ…

ৰন্ধন গেছৰ পৰা আৰম্ভ কৰি পেট্ৰল-ডিজেল, আলু-পিঁয়াজৰ লগতে অন্য সকলো শাক-পাচলিতে যেন জুই লাগিছে ৷

মূল্যবৃদ্ধিয়ে জুৰুলা কৰিছে ৰাজ্যবাসীক। দূৰ্গা পূজাৰ প্ৰাকক্ষণত হঠাৎ বৃদ্ধি পাইছে সামগ্ৰীৰ মূল্য। বজাৰত সামগ্ৰীৰ জুই ছাই দাম।

পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধিৰ সমান্তৰালকৈ দ্ৰুত গতিত বৃদ্ধি পাইছে পিঁয়াজৰ দাম ৷ পেট্ৰ’লে প্ৰতি লিটাৰত শতকৰ ঘৰ পাৰ কৰাৰ বিপৰীতে নগাঁৱত হোৰাহোৰে বাঢ়িছে পিঁয়াজৰ মূল্য।

৭ অক্টোবৰত নগাঁৱত পিয়াজৰ প্ৰতি কিলোগ্ৰামত বিক্ৰী দৰ আছিল ৪৫ টকা। কিন্তু ৯ অক্টোবৰত প্ৰতি কিলোগ্ৰাম পিঁয়াজৰ বিক্ৰী দৰ হৈছে ৭০ টকা ৷ মাত্ৰ দুদিনতে পিঁয়াজৰ মূল্য বৃদ্ধি পালে ২৫ টকা ৷

পূজাৰ বতৰত হঠাৎ বজাৰত জুই লগাৰ পিছত হাহাকাৰ লাগিছে সৰ্বসাধাৰণৰ মাজত ৷ সাধাৰণ জনতা এতিয়া বজাৰলৈ গৈ খালি মোনা হাতত লৈ ঘৰলৈ উভতিব লগা হৈছে ৷ ৰন্ধন গেছৰ পৰা আৰম্ভ কৰি পেট্ৰল-ডিজেল, আলু-পিঁয়াজৰ লগতে অন্য সকলো শাক-পাচলিতে যেন জুই লাগিছে ৷

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

eighteen + fifteen =

Back to top button