অপৰাধঅসম

বোকাজানত ড্ৰাগছৰ উজান, গাড়ীৰ গোপন চেম্বাৰত ওলাল কোটি টকাৰ ড্ৰাগছ…

আৰক্ষীয়ে ইতিমধ্যে ড্ৰাগছ সৰবৰাহৰ সৈতে জড়িত মণিপুৰৰ সেনাপতি জিলাৰ বিকাশ থাপা আৰু আমন দুলহাল নামৰ দুই সৰবৰাহকাৰীক আটক কৰিছে।

ড্ৰাগছৰ ঘাটিলৈ পৰিণত কাৰ্বি আংলং। কাৰ্বি আংলঙৰ বোকাজানত আৰক্ষীয়ে দৈনিক জব্দ কৰিছে কোটি কোটি টকাৰ ড্ৰাগছ।

শনিবাৰে, বিশেষ সূত্ৰৰ পম খেদি বোকাজানত আৰক্ষীয়ে চলায় বিশেষ অভিযান। মণিপুৰৰ পৰা ড্ৰাগছ সৰবৰাহ কৰাৰ তথ্য লাভ কৰি বোকাজান মহকুমাৰ খটখটি, ডিলাই আৰু বৰপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত বিভিন্ন স্থানত আৰক্ষীয়ে স্থাপন কৰিছিল নাকা তালাচী।

ডিমাপুৰ দিশৰ পৰা অহা NL-07H-7110 নম্বৰৰ এখন মাৰুটি বাহনৰ পৰা আৰক্ষীয়ে জব্দ কৰে বৃহৎ পৰিমাণৰ ড্ৰাগছ।
বাহনখনত গোপনে চেম্বাৰ বনাই লুকুৱাই অনা অৱস্থাত আৰক্ষীয়ে প্লাষ্টিকৰ চাবোনৰ বাকচত মুঠ ৬৯৮ গ্ৰাম হেৰ’ইন জব্দ কৰিবলৈ সক্ষম হয়।

জব্দকৃত হেৰ’ইনখিনিৰ বজাৰ মূল্য পাঁচ কোটি হব বুলি আৰক্ষীয়ে প্ৰকাশ কৰে। আৰক্ষীয়ে ইতিমধ্যে ড্ৰাগছ সৰবৰাহৰ সৈতে জড়িত মণিপুৰৰ সেনাপতি জিলাৰ বিকাশ থাপা আৰু আমন দুলহাল নামৰ দুই সৰবৰাহকাৰীক আটক কৰিছে।
জব্দকৃত ড্ৰাগছখিনি জাগীৰোডলৈ সৰবৰাহ কৰাৰ কথা আৰক্ষীৰ প্ৰাথমিক তদন্তত ধৃত সৰবৰাহকাৰীয়ে প্ৰকাশ কৰিছে।

Pratham Khabar News

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

seven + 17 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.