অপৰাধঅসমআঞ্চলিকদৈনিক বাতৰি

সাৱধান! OLXত সামগ্ৰী ক্ৰয় কৰিলে আপুনিও হেৰুৱাব সাঁচতীয়া ধন

OLX App ব্যৱহাৰ কৰিলে চাইবাৰ অপৰাধীৰ জালত পৰিব পাৰে আপুনিও

OLXত সামগ্ৰী বিক্ৰী অথবা ক্ৰয় কৰোতে সাৱধান হওঁক। কিয়নো OLX App ব্যৱহাৰ কৰিলে চাইবাৰ অপৰাধীৰ জালত পৰিব পাৰে আপুনিও।

OLXত বস্তু ক্ৰয় কৰাৰ চলেৰে চিনাকি হৈ আপোনাৰ বেংক একাউন্ট হেক কৰি অপৰাধীয়ে লুটিব পাৰে ধন। ইতিমধ্যে এনে বহু চাইবাৰ ক্ৰাইমৰ ঘটনা সংঘটিত হৈছে ৰাজ্যত। শেহতীয়াকৈ তেনে এক নতুন ঘটনা পোহৰলৈ আহিছে। মহানগৰীৰ নিউ গুৱাহাটীত চাইবাৰ অপৰাধীৰ জালত নিউ গুৱাহাটীৰ পৰাগ দাস পথৰ নিবাসী, কটন কলেজৰ ছাত্ৰ আকাশ নাথ।

নিজৰ Desktop বিক্ৰীৰ বাবে OLXত বিজ্ঞাপন দিছিল ছাত্ৰজনে। অতি কৌশলপূৰ্ণভাৱে ছাত্ৰজনৰ লগত অনলাইনত যোগাযোগ কৰি Desktop ক্ৰয় কৰিব বিচাৰিছিল চাইবাৰ অপৰাধীয়ে। Desktop কিনাৰ চলেৰে গ্ৰাহকৰূপী চাইবাৰ অপৰাধীয়ে ছাত্ৰজনৰ পৰা Google payৰ নম্বৰ লৈ একাউন্ট হেক কৰি লুটি নিলে ২২ হাজাৰ টকা।

ঘটনা সন্দৰ্ভত ভুক্তভোগী ছাত্ৰজনৰ মাতৃ জিলমিল দাসে ইতিমধ্যে গিতানগৰ আৰক্ষী থানাত দাখিল কৰিছে এজাহাৰ। পিছে ৰাজ্যত ক্ৰমাৎ বৃদ্ধি পোৱা চাইবাৰ ক্ৰাইম নিপাত কৰাৰ ক্ষেত্ৰত অসম আৰক্ষীয়ে কিদৰে পদক্ষেপ গ্ৰহণ কৰিব সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ’ব।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

six + four =

Back to top button