অসমআঞ্চলিকদৈনিক বাতৰি

মহিন্দ্ৰা এণ্ড মহিন্দ্ৰাৰ বিশেষ পদক্ষেপ, স্বাস্থ্য বিভাগলৈ এম্বুলেন্স প্ৰদান কৰিছে মহিন্দ্ৰাই

খ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতত এম্বুলেন্স কেইখন প্ৰদান কৰে মহিন্দ্ৰা এণ্ড মহিন্দ্ৰাই

মহিন্দ্ৰা এণ্ড মহিন্দ্ৰাৰ বিশেষ পদক্ষেপ। অসমৰ স্বাস্থ্য বিভাগলৈ এম্বুলেন্স প্ৰদান কৰিছে মহিন্দ্ৰাই।

অক্সিজেন কনচেনট্ৰেটৰসহ মহিন্দ্ৰাই NHMলৈ আগবঢ়াইছে ১৫খন এম্বুলেন্স। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতত এম্বুলেন্স কেইখন প্ৰদান কৰে মহিন্দ্ৰা এণ্ড মহিন্দ্ৰাই। এই এম্বুলেন্স প্ৰদান অনুষ্ঠানত উপস্থিত থাকে স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত। ডেৰ কোটি টকা ব্যয় সাপেক্ষে মহিন্দ্ৰাই আগবঢ়াইছে এম্বুলেন্স কেইখন।

উল্লেখযোগ্য যে, ক’ভিডৰ দ্বিতীয়টো ভেকচিন নোলোৱালৈ সুৰক্ষিত নহয় ৰাজ্যবাসী। ৰাজ্যত ক’ভিডৰ পৰিস্থিতিৰ ক্ষেত্ৰত মোকাবিলা কৰাত সহায় কৰিব মহিন্দ্ৰা এণ্ড মহিন্দ্ৰাই দিয়া এম্বুলেন্সকেইখনে। ক’ভিডৰ এই জটিল পৰিস্থিতিৰ সময়ত সহায় কৰিব বুলি আশাবাদী ৰাজ্যৰ স্বাস্থ্য বিভাগ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

11 + twenty =

Back to top button