Socialঅপৰাধঅসমআঞ্চলিকদৈনিক বাতৰি

জন্মদিনৰ পাৰ্টী মানেই ড্ৰাগছৰ বেহা, জন্মদিনত নাখায় কেক, সেৱন কৰে ড্ৰাগছ

শুকুৰবাৰে নিশা চান্দমাৰি আৰক্ষী আৰু নুনমাটি আৰক্ষীৰ যৌথ অভিযানত গ্ৰেপ্তাৰ কৰা হয় ৪টা ড্ৰাগছ মাফিয়াক

জন্মদিনৰ পাৰ্টী মানেই ড্ৰাগছৰ বেহা। মহানগৰীত আৰম্ভ হৈছে বাৰ্থডে’ পাৰ্টীৰ নামত নতুন ট্ৰেণ্ড।

কিছুদিন পূৰ্বে খাৰঘুলিৰ ৰীভেৰা এপাৰ্টমেন্টত বাৰ্থডে পাৰ্টীৰ নামত চলিছিল ক’কেইন, হেৰ’ইনৰ বেহা। দিল্লীৰ পৰা নিচাযুক্ত ড্ৰাগছ কোৰিয়াৰ যোগে আনি ৰেভ পাৰ্টীত পোহাৰ মেলিছিল বিশাল চৌধুৰী নামৰ এজন যুৱকে।

এই ঘটনাৰ পিছতে ৰেভ পাৰ্টীৰ আয়োজন কৰি আৰক্ষীৰ জালত চাৰি ড্ৰাগছ মাফিয়া। শুকুৰবাৰে নিশা চান্দমাৰি আৰক্ষী আৰু নুনমাটি আৰক্ষীৰ যৌথ অভিযানত গ্ৰেপ্তাৰ কৰা হয় ৪টা ড্ৰাগছ মাফিয়াক। ধৃত মাফিয়াকেইটা ক্ৰমে জনী আলী, আলতাভ উদ্দিন লস্কৰ, অশোক চেত্ৰী, ৰাহুল দাস।

শনিবাৰে, জনী আলীৰ ঘৰত জন্মদিনৰ পাৰ্টীত ড্ৰাগছ সেৱন কৰাত ব্যস্ত আছিল মাফিয়াকেইটা। মিজোৰামৰ পৰা অনা হৈছিল ড্ৰাগছ।

মাফিয়াকেইটাৰ পৰা আৰক্ষীয়ে জব্দ কৰে ২.৭৯ গ্ৰাম হেৰ’ইন, ২টা এয়াৰ ৰাইফল, ৭টা মোবাইল ফোন।
উল্লেখ্য যে, শনিবাৰে পুৱা গুৱাহাটী মহানগৰীৰ ৰেভ পাৰ্টীলৈ দিল্লীৰ পৰা কুৰিয়াৰযোগে ড্ৰাগছ সৰবৰাহ কৰা বিশাল চৌধুৰীক ইতিমধ্যে আটক কৰিছে আৰক্ষীয়ে। মহানগৰ আৰক্ষীৰ আয়ুক্ত, চানমাৰি আৰু নুনমাটি থানাৰ অভিযানত চলোৱা হৈছিল অভিযান।

Pratham Khabar News

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

one × two =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.