
লুইতৰ পাৰৰ পৰা আজিও যেন ভাঁহি আহে এটি সুৰ…
এটি নাম…
এটি যুগৰ স্পন্দন…”
আজি অসমৰ সাংস্কৃতিক আকাশত স্মৃতিৰ চাকি জ্বলোৱা দিন।
যিজনে অসমক কেৱল গানেই নিদিলে,
দিছিল এক নতুন সপোন,
এক নতুন চেতনা,
এখন নতুন অসম।
অসমীয়া জাতিৰ ৰূপকোঁৱৰ।
যাৰ কলমত জন্ম লৈছিল স্বাধীনতাৰ গান,
যাৰ সুৰত জাগি উঠিছিল জাতিৰ আত্মা।
অসমীয়া চলচ্চিত্ৰৰ প্ৰথম জোনাক জ্বলাই, তেওঁ লিখি থৈ গৈছিল ইতিহাসৰ এক সোণালী অধ্যায়।
শাৰীৰিকভাৱে বিদায় লৈছিল ৰূপকোঁৱৰে,
কিন্তু তেওঁৰ সপোনে কেতিয়াও মৃত্যুবৰণ নকৰিলে।
আজিও অসমৰ প্ৰতিটো গীতত, প্ৰতিখন নাট্যমঞ্চত, প্ৰতিটো সাংস্কৃতিক উচ্ছ্বাসত, জীয়াই আছে জ্যোতিপ্ৰসাদ।
যেতিয়া মানুহ এজন নিজৰ সৃষ্টিৰ মাজত চিৰজীৱী হয় তেতিয়া মৃত্যুৱেই নহয় শেষ…
জ্যোতিপ্ৰসাদ আগৰৱালা আজিও জীয়াই আছে,
অসমৰ হৃদয়ত,
অসমৰ সুৰত,
অসমৰ আত্মাত…”