অৰুণাচল প্ৰদেশঅসম

অসম-অৰুণাচল সীমান্তত প্ৰচণ্ড গুলীয়াগুলী, সেনাৰ গুলীত নিহত NSCN(IM) কেডাৰ

ভাৰতীয় সেনাৰ ডিগবৈস্থিত ১৮ নং গাৰোৱাল ৰেজিমেণ্টৰ নেতৃত্বত যোৱা ৮ নৱেম্বৰৰ পৰা অভিযান চলি আছে অসম-অৰুণাচল সীমান্তত

অশান্ত অসম-অৰুণাচল সীমান্ত। অসম-অৰুণাচল সীমান্তত প্ৰচণ্ড গুলীয়াগুলীৰ ঘটনা। NSCN(IM) আৰু সেনাৰ মাজত হোৱা সংঘৰ্ষত নিহত NSCN কেডাৰ।

নিষিদ্ধ বিদ্ৰোহী সংগঠন NSCN(IM)ৰ বিৰুদ্ধে অব্যাহত আছে সেনাৰ ব্যাপক অভিযান। ভাৰতীয় সেনাৰ ডিগবৈস্থিত ১৮ নং গাৰোৱাল ৰেজিমেণ্টৰ নেতৃত্বত যোৱা ৮ নৱেম্বৰৰ পৰা অভিযান চলি আছে অসম-অৰুণাচল সীমান্তত।

দেওবাৰে অৰুণাচল প্ৰদেশৰ টিৰাপ জিলাৰ দেউমালিৰ কুটুম অঞ্চলত NSCN(IM) আৰু সেনাৰ মাজত হয় প্ৰচণ্ড সংঘৰ্ষ। অভিযানত এজন NSCN(IM)ৰ কেডাৰ নিহত হোৱাৰ লগতে আন এজন কেডাৰ গুৰুতৰভাৱে আহত হয় ৷ নিহত কেডাৰকেইজনৰ পৰা সেনাই উদ্ধাৰ কৰে এটা Ak-56 ৰাইফলৰ লগতে বৃহৎ পৰিমাণৰ গুলী আৰু মাৰণাস্ত্ৰ।

অভিযানৰ সময়ত সেনাৰ দলটোৱে NSCN(IM)ৰ কেইবাটাও অস্থায়ী শিবিৰ উৎখাত কৰে ৷ আনহাতে, এতিয়াও টিৰাপ চাংলাং জিলাৰ বিভিন্ন অঞ্চলত ভাৰতীয় সেনাই উগ্ৰপন্থীৰ বিৰুদ্ধে অব্যাহত ৰাখিছে অভিযান ৷

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

twenty − 5 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.