অৰুণাচল প্ৰদেশঅসম

অসম-অৰুণাচল সীমান্তত প্ৰচণ্ড গুলীয়াগুলী, সেনাৰ গুলীত নিহত NSCN(IM) কেডাৰ

ভাৰতীয় সেনাৰ ডিগবৈস্থিত ১৮ নং গাৰোৱাল ৰেজিমেণ্টৰ নেতৃত্বত যোৱা ৮ নৱেম্বৰৰ পৰা অভিযান চলি আছে অসম-অৰুণাচল সীমান্তত

অশান্ত অসম-অৰুণাচল সীমান্ত। অসম-অৰুণাচল সীমান্তত প্ৰচণ্ড গুলীয়াগুলীৰ ঘটনা। NSCN(IM) আৰু সেনাৰ মাজত হোৱা সংঘৰ্ষত নিহত NSCN কেডাৰ।

অসম-অৰুণাচল সীমান্তত প্ৰচণ্ড গুলীয়াগুলী, সেনাৰ গুলীত নিহত NSCN(IM) কেডাৰ

নিষিদ্ধ বিদ্ৰোহী সংগঠন NSCN(IM)ৰ বিৰুদ্ধে অব্যাহত আছে সেনাৰ ব্যাপক অভিযান। ভাৰতীয় সেনাৰ ডিগবৈস্থিত ১৮ নং গাৰোৱাল ৰেজিমেণ্টৰ নেতৃত্বত যোৱা ৮ নৱেম্বৰৰ পৰা অভিযান চলি আছে অসম-অৰুণাচল সীমান্তত।

দেওবাৰে অৰুণাচল প্ৰদেশৰ টিৰাপ জিলাৰ দেউমালিৰ কুটুম অঞ্চলত NSCN(IM) আৰু সেনাৰ মাজত হয় প্ৰচণ্ড সংঘৰ্ষ। অভিযানত এজন NSCN(IM)ৰ কেডাৰ নিহত হোৱাৰ লগতে আন এজন কেডাৰ গুৰুতৰভাৱে আহত হয় ৷ নিহত কেডাৰকেইজনৰ পৰা সেনাই উদ্ধাৰ কৰে এটা Ak-56 ৰাইফলৰ লগতে বৃহৎ পৰিমাণৰ গুলী আৰু মাৰণাস্ত্ৰ।

অভিযানৰ সময়ত সেনাৰ দলটোৱে NSCN(IM)ৰ কেইবাটাও অস্থায়ী শিবিৰ উৎখাত কৰে ৷ আনহাতে, এতিয়াও টিৰাপ চাংলাং জিলাৰ বিভিন্ন অঞ্চলত ভাৰতীয় সেনাই উগ্ৰপন্থীৰ বিৰুদ্ধে অব্যাহত ৰাখিছে অভিযান ৷

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

seventeen + eight =

Back to top button