দিল্লীপৰিৱেশপ্ৰদূষণ

বিষাক্ত হৈ পৰিছে দিল্লীৰ বতাহ, এসপ্তাহৰ বাবে বন্ধৰ ঘোষণা দিল্লীৰ শিক্ষানুষ্ঠানসমূহ

দিল্লীৰ বায়ু প্ৰদূষণ ৰোধ কৰাৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণৰ বাবে শনিবাৰে উচ্চতম ন্যায়ালয়ে আহ্বান জনাইছিল দিল্লী চৰকাৰক

প্ৰদূষণে আৱৰিছে দিল্লীৰ চৌপাশ। ক্ৰমাৎ বেয়াৰ ফালে ঢাল খাইছে দিল্লীৰ বায়ুমণ্ডলৰ গুণগত মান। শনিবাৰে দিল্লীৰ বায়ুমণ্ডলৰ (AQI-Air Quality Index)গুণগত মান আছিল ৪৭১। দিল্লীৰ বায়ু প্ৰদূষণ ৰোধ কৰাৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণৰ বাবে শনিবাৰে উচ্চতম ন্যায়ালয়ে আহ্বান জনাইছিল দিল্লী চৰকাৰক।

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশৰ পিছতেই দিল্লীৰ মুখ্যমন্ত্ৰীয়ে কৰে বিশেষ ঘোষণা। সোমবাৰৰ পৰা দিল্লীত এসপ্তাহৰ বাবে কাৰ্যকৰী হ’ব প্ৰদূষণ ৰোধৰ কিছু ব্যৱস্থা। দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ মন্তব্য অনুসৰি, এসপ্তাহৰ বাবে দিল্লীত বন্ধ থাকিব শিক্ষানুষ্ঠানসমূহ। ছাত্ৰ-ছাত্ৰীসকলে অনলাইন মাধ্যমেৰে ক্লাছ কৰাৰ কথাও উল্লেখ কৰে কেজৰিৱালে। আনকি সোমবাৰৰ পৰা চৰকাৰী-বেচৰকাৰী কাৰ্যালয়ৰ কৰ্মচাৰীসকলে ঘৰৰে পৰাই কাম কৰিব লাগিব বুলি ঘোষণা কেজৰিৱালৰ।

আনহাতে, দিল্লী চৰকাৰৰ মন্তব্য অনুসৰি, ১৪ নৱেম্বৰৰ পৰা ১৭ নৱেম্বৰলৈকে দিল্লীত কোনোধৰণৰ নিৰ্মাণকাৰ্যৰ বাবে অনুমতি প্ৰদান কৰা নহ’ব। শনিবাৰে উচ্চতম ন্যায়ালয়ে দিল্লী চৰকাৰক জৰুৰীকালীন ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়াৰ পিছতেই মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে ঘোষণা কৰে এই কথা।

কেজৰিৱালে এই কথাও উল্লেখ কৰে যে, এই ব্যৱস্থা গ্ৰহণৰ পিছতো দিল্লীত যদি পৰিস্থিতি আৰু অধিক বেয়াৰ ফালে গতি কৰে, তেন্তে বন্ধ কৰা হ’ব যাতায়াতৰ ব্যৱস্থা।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

three + 7 =

Back to top button