অসমদৈনিক বাতৰি

নিমাতীঘাটৰ ফেৰী দুৰ্ঘটনা সন্দৰ্ভত কেইবাজনো গ্ৰেপ্তাৰ

যোৰহাট আৰক্ষীয়ে মুখ্যমন্ত্ৰীৰ নিৰ্দেশত তৰিছিল ফৌজদাৰী গোচৰ

নিমাতীঘাটৰ ফেৰী দুৰ্ঘটনা সন্দৰ্ভত ১০জন গ্ৰেপ্তাৰ।

যোৰহাট আৰক্ষীয়ে নাও দুৰ্ঘটনাত জড়িতৰ অভিযোগত গ্ৰেপ্তাৰ কৰে ৬জনক। গ্ৰেপ্তাৰ হোৱা সলোককেইজন ক্ৰমে, ধনবৰ দাস, যোগেন দাস, বিজু কুমাৰ দাস, জয়ন্ত দত্ত, বিনোদ বৰুৱা, বাবুল নেওগ।

লগতে মাজুলী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ‘মা কমলা’ ফেৰীৰ ৩ কৰ্মচাৰীকো। গ্ৰেপ্তাৰ ইঞ্জিন ড্ৰাইভাৰ বদন দত্ত। টিকট সংগ্ৰাহক বিপুল বৰাক গ্ৰেপ্তাৰ ফেৰীখনৰ গুৰিয়াল প্ৰশান্ত পানেগামক। মাজুলী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে তিনিওকে।

‘মা কমলা’ ফেৰীৰ মালিক পানীৰাম কলিতাৰ পুত্ৰক আটক। মাজুলী আৰক্ষীয়ে আটক কৰে গৌতম কলিতাক। যোৰহাট আৰক্ষীয়ে মুখ্যমন্ত্ৰীৰ নিৰ্দেশত তৰিছিল ফৌজদাৰী গোচৰ।

উল্লেখ্য যে ৮ ছেপ্তেম্বৰত নিমাতীৰ পৰা মাজুলীৰ কমলাবাৰী ঘাটলৈ যাত্ৰা কৰাৰ পিছতে এখন নাও আৰু এখন জাহাজৰ সৈতে হোৱা সংঘৰ্ষত ভৰা ব্ৰহ্মপুত্ৰৰ মাজতে যাত্ৰীৰে ভৰি থকা নাওখন পানীত বুৰ যায়।

এই দুৰ্ঘটনাত দুগৰাকী যাত্ৰী নিহত হোৱাৰ লগতে এগৰাকী যাত্ৰী এতিয়াও সন্ধানহীন হৈ আছে। ইফালে ৮২ গৰাকী যাত্ৰী সুকলমে উদ্ধাৰ কৰা হৈছিল।

 

 

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

three × three =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.